এতিয়াৰ পৰা সাৱধান! উৰণীয়া সেঁতুত ছেলফী ল’লে আপুনি হ’ব পাৰে ৰঙাঘৰৰ আলহী

 11/11/2021 - 19:20
 
 
নিউজ ডেস্কঃ সাৱধান! গুৱাহাটীৰ উৰণীয়া সেতুৰ ওপৰত জধেমধে ছেলফী উঠাসকল হওক সাৱধান। আনহাতে সাৱধান হওক নিশা আহি চোৰৰ নিচিনাকৈ বেনাৰ-পোষ্টাৰ আঁৰি থৈ যোৱা লোকসকলো।উৰণীয়া সেতুত বাৰম্বাৰ ছেলফী উঠি পোষ্ট দিলেই ৰঙাঘৰত সোমাব পাৰে আপুনিও৷এতিয়াৰে পৰা দিছপুৰৰ নতুন উৰণীয়া সেতুত পথাচাৰীক অসুবিধাত পেলাই ছেলফী উঠিলে বিপদ অনিবাৰ্য হ’ব আপোনাৰ৷
 
ইপিনে নিশাৰ অন্ধকাৰত চোৰৰ নিচিনাকৈ বেনাৰ লগাই বিপদত পৰিল ‘ফাল্কন মহোৎসৱ’ৰ উদ্যোগতা৷ ‘ফাল্কন মহোৎসৱ’লৈ গুৱাহাটী পৌৰ নিগমে প্ৰেৰণ কৰিলে কাৰণ দৰ্শোৱাৰ জাননী৷ তিনি দিনৰ ভিতৰতে উত্তৰ দিব লাগিব উদ্যোগতাসকলে৷উত্তৰত সন্তুষ্ট নহ’লেই নিগমে ল’ব আইনগত ব্যৱস্থা৷ ৰাজহুৱা সম্পত্তি বিকৃতকৰণ অধিসূচনা উলংঘা কৰাৰ অপৰাধত পৌৰ আইন অনুসৰি বিহীত শাস্তিৰ সন্মুখীন হ’ব এনে ব্যক্তি বা প্ৰতিষ্ঠানসমূহ। লগতে নিশাৰ আন্ধাৰত উৰণীয়া সেতু অথবা ৰাজহুৱা সৌন্দৰ্যবৰ্ধিত অন্যান্য স্থানত এতিয়াৰেপৰা যধে-মধে পোষ্টাৰ-বেনাৰ আদি আঁৰিলে ৰাজহুৱা সম্পত্তি নষ্ট কৰা অপৰাধত জৰিমনাসহ জে’লযাত্ৰাৰ পথ প্ৰশস্ত হ’ব পাৰে আপোনাৰ৷
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।