মাজুলীৰ জিলা উপায়ুক্ত সভা কক্ষত গুৰুত্বপূৰ্ণ সভা

 11/12/2021 - 14:12
 
 
 
 মাজুলীঃ মাজুলী ৰাস মহোৎসৱলৈ মাজত মাত্র ৯ দিন আছে। প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ। শিল্পী কলা-কুশলীৰ এৰাব নোৱাৰা ব্যস্ততা। নিশা দুপৰলৈ চলিছে আখৰা। মাজুলীৰ শাৰদীয় একমাত্র উৎসৱ ৰাস মহোৎসৱ, আছে ৫০০ বছৰীয়া পৰম্পৰা।
 
মহাপুৰুষ শ্ৰীমন্ত শংকৰ দেৱৰ বিৰচিত কেলি গোপাল নাটক মাজুলীৰ সত্ৰানুষ্ঠানসমূহে বাৰ্ষিক পৰম্পৰা ৰূপে পালন কৰা ৰাস ১০০ বছৰৰ পূৰ্বে পালে মঞ্চৰূপ। ৰাস ক্ৰীয়াৰ শিশু লীলা এক অবিচ্ছেদ্য অংশ। শিশু লীলাৰ অবিহনে ৰাস পালন কৰাটো অসম্ভব আৰু অসম্পূর্ণ।
 
কৃষ্ণ জন্মৰ পৰা মহাৰাসলৈকে সম্পূৰ্ণ ৰাসলীলা অনুষ্ঠিত হয়। কিন্তু শেহতীয়াকৈ অসম চৰকাৰৰ ক’ভিড নীতিক লৈ মাজুলীত উদ্ভৱ হৈছে তীব্র প্ৰতিক্ৰিয়া। মাহ যোৰা আখৰাৰ শেষত নতুন ক’ভিড নীতিয়ে বিপাঙত পেলাইছে মাজুলীৰ সত্ৰানুষ্ঠানকে ধৰি প্ৰায় ৫৩ খন ৰাস পৰিচালনা সমিতি।
 
ইয়াৰ মাজতে আজি উপায়ুক্ত কাৰ্যালয়ত সকলো ৰাস সমিতিক লৈ এখনি সভা অনুষ্ঠিত হয়। ক’ভিড বিধি সম্পৰ্কে প্ৰশাসনে অৱগত কৰে ৰাস সমিতিসমূহক। ১০ বছৰৰ তলৰ শিশুক ৰাসৰ পৰা আতৰাই ৰখাতো অসম্ভৱ বুলি ৰাসসমিতি সমূহে উপায়ুক্তক অৱগত কৰি অসন্তুষ্ট প্ৰকাশ কৰে।
 
বিগত বৰ্ষটো একে এছ অ পি আছিল ইয়াৰ মাজতে ৰাসোৎসৱ সুকলমে হৈ গৈছে চলিত বৰ্ষতো কিছু তাৰতম্যৰ মাজেৰে স্বাস্থ্যৰ প্ৰতি যত্ন লৈ ৰাসোৎসৱ উদযাপনৰ কথা উল্লেখ কৰে।
 
কিন্তু কেনেকৈ সম্ভৱ হৱ শিশু ৰ অবিহনে ৰাস। প্ৰশাসনে ৰাস সমিতিৰ সহযোগিতা বিচেৰে আৰু অধিকাংশ সমিতিয়ে শিশুক অংশগ্ৰহণ কৰিব ই লাগিব বুলি উল্লেখ কৰে। বহুতো সমিতিয়ে চৰকাৰৰ নীতিক কঠোৰ সমালোচনা কৰে। চৰকাৰী বান্ধি দিয়া নীতি নিয়ম পালন কৰি হলেও মাজুলীৰ মূল শাৰদীয় উৎসৱ উদযাপন কৰিব মাজুলীবাসীয়ে। মাজুলীৰ ৰাস দৰ্শন কৰিবলৈ সকলোৱকে আমন্ত্ৰণ জনাইছে ৰাস উদযাপন সমিতি বিষয়ববীয়াসকলে। 
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।