'মোৰ মৃত্যুৰ বাবে শাহু দায়ী! কাগজত নহয়, হাতৰ তলুৱাত লিখি আত্মহত্যা এগৰাকী বোৱাৰীৰ

 11/12/2021 - 16:33
 
 
নিউজ ডেস্কঃ দক্ষিণ কলকাতাৰ টলিগঞ্জত চাঞ্চল্যকৰ ঘটনা। মোৰ মৃত্যুৰ বাবে শাহু দায়ী”। কোনো কাগজত নহয় হাতৰ তলুৱাত এনেদৰে লিখি আত্মহত্যা কৰিলে বোৱাৰীগৰাকীয়ে। যোৱা ১০ নৱেম্বৰত সন্ধিয়া প্ৰায় ৭.৫০ বজাত ডিঙিত টাৱেল এখনেৰে চিপ লৈ আত্মহত্যা কৰে। ওচৰ-চুবুৰীয়াসকলে পূজাক ওলমি থকা দেখা পাই ততাতৈয়াকৈ হাস্পতাললৈ লৈ যায়।
 
হাস্পতালত চিকিৎসকে পূজা চান্দক মৃত বুলি ঘোষণা কৰে। চিকিৎসালয়ত মৃতদেহ পৰীক্ষা কৰোতে পূজাৰ হাতৰ তলুৱাত লিখি থোৱা কথাশাৰী সকলোৰে দৃষ্টিগোচৰ হয়। পূজাৰ হাতৰ তলুৱাত লিখা আছিল “মোৰ মৃত্যুৰ বাবে মোৰ শাহু দায়ী, ইতি পূজা।”ইয়াৰ পাছতেই টলিগঞ্জ আৰক্ষী থানাৰ আৰক্ষীয়ে তেওঁৰ স্বামী আৰু শাহুৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ ৩০৪-বি আৰু ৩৪ ধাৰাৰ অধীনত এটা গোচৰ ৰুজু কৰিছে।
 
ওচৰ-চুবুৰীয়াই সদৰী কৰা অনুসৰি বিবাহৰ পাছৰে পৰা ২০ বছৰীয়া পূজা তেওঁৰ শাহুৱেকৰ মানসিক নিৰ্যাতনৰ সন্মুখীন হৈ আহিছে। সৰু সৰু কথাবোৰতে পূজাক বেয়াকৈ গালি-গালাজ পাৰি মানসিক নিৰ্যাতন চলাইছিল শাহুৱেকে। পূজাই দক্ষিণ পৰগণাৰ কুলপীত থকা তেওঁৰ দেউতাকৰ ঘৰলৈ কালী পূজাৰ পিছদিনা ভাইফোঁটা উৎসৱ পালন কৰিবলৈ গৈছিল।
 
পূজা দুদিনৰ ভিতৰত স্বামীৰ ঘৰলৈ উভতি অহাৰ কথা আছিল যদিও তেওঁ ঘূৰি অহা নাছিল।১০ নৱেম্বৰত পূজাক আনিবলৈ যায়। সঞ্জয় চান্দৰ সৈতে স্বামীগৃহত উপস্থিত হয় পূজা। শাহুৱে পূজাক দেখা পায়েই পুনৰ তীব্ৰ ভাষাৰে গালি পাৰিবলৈ আৰম্ভ কৰে। গালি পৰাৰ কাৰণটো হ’ল সঞ্জয় চান্দৰ এখন দোকান আছিল। সঞ্জয়ে সেইদিনা পত্নীক আনিবলৈ যোৱাৰ কাৰণে গোটেই দিনটো দোকানখন বন্ধ আছিল ফলত গ্ৰাহকসমূহ আহিও ঘূৰি গৈছিল। দিনটো দোকানখন বন্ধ কৰি ৰাখিবলগীয়া হোৱা বাবে বোৱাৰীয়েকক দোষাৰোপ কৰে শাহুৱেকে। স্বামী বাহিৰলৈ ওলাই যোৱাৰ পাছতেই পূজা চান্দে আত্মহত্যা কৰে। টলিগঞ্জ আৰক্ষী থানাৰ আৰক্ষীয়ে পূজাৰ পিতৃৰ লিখিত অভিযোগৰ ভিত্তিত শাহু আৰু স্বামীৰ বিৰুদ্ধে এটা গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে।
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।