সদ্য সমাপ্ত উপ-নিৰ্বাচনত কিমান টকা খৰচ কৰিলে বিজেপিয়ে? খৰচৰ তালিকাত অসমৰ স্থান কি?

 11/12/2021 - 18:31
 
 
 
নিউজ ডেস্কঃ সদ্য সমাপ্ত দেশৰ ৫ ৰাজ্যৰ উপ-নিৰ্বাচনত বিজেপি দলে কিমান খৰচ কৰিলে? ।শেহতীয়াকৈ সমাপ্ত হোৱা অসম সহিতে ৫ ৰাজ্যৰ উপ-নিৰ্বাচনকত বিজেপি দলটোৱে খৰচ কৰিলে ২৫২ কোটি টকা। এই ২৫২ কোটি টকাৰ ভিতৰত দলটোৱে ৬০ শতাংশ ধনেই খৰচ কৰিলে পশ্চিমবংগত।
 
ৰাজ্যখনৰ বিধানসভা নিৰ্বাচনত বিজেপিয়ে সৰ্বশক্তি প্ৰয়োগ কৰি নিৰ্বাচনী যুঁজত নামিছিল যদিও বংগৰ জনতাই ‘অগ্নি কন্যা’ মমতা বেনাৰ্জীৰ হাততেই ক্ষমতা দিলে।ইয়াৰ পাছেত ৰাজ্যখনত অনুষ্ঠিত হোৱা উপ-নিৰ্বাচনত পুনৰ বিজেপি দলটোৱে প্ৰতিদ্বন্দিতা আগবঢ়োৱা আসনত বিজয় সাব্যস্ত কৰিবলৈ সৰ্ব শক্তি প্ৰয়োগ কৰি নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হৈছিল যদিও উপ-নিৰ্বাচনত পুনৰ ব্যৰ্থ হ’ল বিজেপি।
 
নিৰ্বাচনী আয়োগক দাখিল কৰা তথ্য অনুসৰি বিজেপি দলটোৱে পশ্চিমবংগৰ উপ-নিৰ্বাচনত খৰচ কৰিলে ১৫১ কোটি টকা।আনহাতে অসমৰ ৫ সমষ্টিৰ নিৰ্বাচনৰ নামত খৰচ কৰিলে ৪৩ কোটি টকা।
 
আনহাতে আয়োগক দিয়া তথ্য মতে কেৰালাৰ উপ-নিৰ্বাচনত দলটোৱে খৰচ কৰিলে ২৯.২৪ কোটি, তামিলনাডুৰ উপ-নিৰ্বাচনত খৰচ কৰিলে ২২.৯৭ কোটি, পুডুচেৰীত খৰচ কৰিলে ৪.৭৯ কোটি টকা।উল্লেখ্য যে এইয়া নিৰ্বাচন আয়োগক দিয়া তথ্য হে। অনুমান কৰা হৈছে দলটোৱে আয়োগক দিয়া তথ্যৰ বাহিৰেও আৰু অধিক ধন নিৰ্বাচনী যুঁজত খৰচ কৰিছে।
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।