শোণিতপুৰ জিলাৰ উচ্ছেদৰ জাননীৰ পাছতেই চৰাঞ্চলৰ ৰাইজৰ মাজত হাহাকাৰ পৰিস্থিতি

 11/13/2021 - 14:42
 
 
 
বটদ্ৰৱাঃ প্ৰথমে গৰুখুটি, তাৰ পাছত লামডিং। আৰু এইবাৰ চৰকাৰৰ লক্ষ্য বিশাল ব্ৰহ্মপুত্ৰৰ বিভিন্ন চৰ চাপৰি বেদখলমুক্ত কৰা। তাৰেই অংশ হিচাপে শোণিতপুৰ জিলা প্ৰশাসনে ২৮ অক্টোবৰ তাৰিখে জাননি প্ৰেৰণ কৰিছিৰ ঢেকিয়াজুলি ৰাজহচক্ৰৰ অন্তৰ্গত বিভিন্ন চৰ-চাপৰিত বসবাস কৰি থকা লোকসকলক। তাৰ পাছতেই দৃশ্যপট সলনি হৈছে ধিঙৰ দাঁতিকাষৰীয়া বিভিন্ন চৰৰ। কৃষি কৰ্মৰে জীৱন যাপন কৰা শ শ লোকে এৰিয়া চৰকাৰৰ উচ্ছেদলৈ ৰৈ নাথাকি নিজে নিজেই ঘৰ দোৱাৰ ভাঙি ঢাপলি মেলিছে নিজ নিজ গৃহলৈ।
 
দিনে নিশাই ঘৰৰ পৰিয়ালৰ লগতে নিজৰ লগত থকা লাম লাকুটি বুটলি গাড়ীত ভৰাই ঘৰমুৱা এতিয়া এই সকল পমুৱা কৃষক। নগাঁও আৰু মৰিগাঁও জিলাৰ বিভিন্ন অঞ্চলৰ এইসকল বাসিন্দাই এনেদৰেই ওভতিছে নিজ নিজ ঠাইলৈ। তাৰ মাজৰ বেছিভাগৰেই নিজা স্থায়ী গৃহ আছে যদিও নিজা ঘৰ মাটি বুলিবলৈ একো নথকা একাংশ দৰিদ্ৰ লোক সন্মুখীন হৈছে ভীষন সমস্যাৰ।
 
নগাঁও-মৰিগাঁও জিলাৰ এইসকল লোকে বেদখল কৰি থকা পাংৰী চৰ আৰু বিশখুটী চৰ এতিয়া প্ৰায় জনশূণ্য হৈ পৰিছে। নগাঁও আৰু মৰিগাঁও জিলাৰ অন্তৰ্গত ধিং, মৈৰাবাৰী, লাহৰীঘাট, ৰূপহী,জুৰীয়া আদি অঞ্চলৰ প্ৰায়সংখ্যক লোকে একাংশ চৰ ত্যাগ কৰাৰ বিপৰীতে যুগ যুগ ধৰি বসবাস কৰি অহা শোণিতপুৰ জিলাৰ বৰচীলা সমষ্টিৰ হেজাৰ হেজাৰ ভোটাৰ ৰাইজ ব্যাপক সমস্যাৰ সন্মুখীন হৈছে।
 
কাৰণ শোণিতপুৰ জিলাৰ অন্তৰ্গত তিনটেকী, গাইটাপু, ফৰ্চেটাপু আৰু ৰাণীটাপু চৰত যুগ যুগ ধৰি বসবাস কৰি এই হেজাৰ হেজাৰ দৰিদ্ৰ কৃষক ৰাইজৰ নাই কোনো  বিকল্প ব্যাৱস্থা। ইতিমধ্যে এইসকল ৰাইজে ঢেকিয়াজুলী ৰাজহ চক্ৰ কাৰ্যলয়ত ভূমি বিচাৰি আবেদন কৰিছিল যদিও চৰকাৰে এইসকল ৰাইজক ভূমি প্ৰদান নকৰাকৈয়ে উচ্চেদৰ জাননী প্ৰেৰণ কৰাৰ পিছতেই হাহাকাৰ লাগিছে ৰাইজৰ মাজত।
 
যুগ যুগ ধৰি এইসমূহ চৰাঞ্চলত বসবাস কৰি অহা এইসকল ৰাইজৰ এটাই দাবী, এইসকল ৰাইজক কিবা এটা সংস্থাপনৰ ব্যাৱস্থা কৰি তাৰ পিছত চলাওক উচ্চেদ অভিযান। অন্যাথা চৰাঞ্চলৰ এইসকল সাধাৰণ দৰিদ্ৰ কৃষক ৰাইজৰ মৌলিক অধিকাৰ খৰ্ব নকৰিবলৈও মুখ্যমন্ত্ৰী হিমন্ত বিশ্বক আহব্বান চৰাঞ্চলৰ ৰাইজৰ। চৰকাৰী ভূমিত বসবাস কৰি থকা সকলোকে ভূমিৰ অধিকাৰ দিয়া হব বলি বিগত নিৰ্বাচনৰ সময়ত বাৰে বাৰে ভাষণত কৈ অহা মুখ্যমন্ত্ৰী হিমন্ত বিশ্বই এই ক্ষেত্ৰত কি পদক্ষেপ গ্ৰহণ কৰে হেয়া হব লক্ষণীয় বিষয়।
 
 
 
 
 
 
 
 
 
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।