11/14/2021 - 15:36
in
মাৰ্ঘেৰিটাঃ আজি শিশু দিৱস। ভাৰতবৰ্ষত প্ৰতি বছৰেই প্ৰথম প্ৰধানমন্ত্ৰী পণ্ডিত জৱাহৰলাল নেহৰুৰ জন্ম দিনটোত পালন কৰা হয় শিশু দিৱস। জৱাহৰলাল নেহৰু শিশুক বহুতো মৰম কৰিছিল আৰু শিশুৰ মাজত তেওঁ জনপ্ৰিয় আছিল। তেওঁ শিশুৰ উন্নতিৰ কাৰণে বহু প্ৰচেষ্টা কৰিছিল।
আজি তিনিচুকীয়া জিলাৰ লিডু বজাৰ উচ্চ মাধ্যমিক বিদ্যালয়ত পালন কৰা হৈছে শিশু দিৱস। পুৱাৰ ভাগতে প্ৰায় ২০০ ছাত্ৰ-ছাত্ৰীৰ উপস্থিত প্ৰধান শিক্ষিকা মালবিকা বিশ্বাসে সৰ্বপ্ৰথমে “নবাৰূণ” নামে প্ৰাচীৰ পত্ৰিকাৰ শুভ উদ্বোধন কৰে। পিছতে বন্তি প্ৰজ্বলন কৰি পণ্ডিত জৱাহৰলাল নেহৰুৰ প্ৰতিছবিত মাল্যৰ্পান কৰি পুষ্পাঞ্জলী দিয়া হয়। ইয়াৰ উপৰিও বিদ্যালয়খনত শিশু দিৱসৰ প্ৰতি সংগতি ৰাখি ছাত্ৰ-ছাত্ৰীৰ মাজত কবিতা আবৃত্তি, সংগীত, নৃত্যৰ আয়োজন কৰা হয়।