11/14/2021 - 15:59
in
গহপুৰঃ আগন্তুক পৌৰসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি ইতিমধ্যে ভাৰতীয় নিৰ্বাচনী আয়োগৰ নিৰ্দেশ ক্ৰমে আৰম্ভ হৈছে ভোটাৰ তালিকাত নাম অন্তৰ্ভুক্তিৰ কাম। গহপুৰতো জিলা নিৰ্বাচনী বিষয়াৰ উদ্যোগত ভিন্ন পদ্ধতিৰে ভোটাৰ ৰাইজক নতুনকৈ নাম অন্তৰ্ভুক্ত কৰাৰ বাবে সজাগ প্ৰক্ৰিয়া অব্যাহত ৰাখিছে। এইলৈ আজি জিলা নিৰ্বাচনী বিষয়া, মহকুমা প্ৰশাসনৰ উদ্যোগত গহপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেল পথাৰৰ পৰা অসম অৰুণাচল সীমান্ত ৰাজগড় খেৰণিগেটলৈকে ই-ৰিক্সা ৰেলি কৰি ভোটাৰ ৰাইজৰ মাজত এক সজাগতাৰ সৃষ্টি কৰে।