11/14/2021 - 16:29
in
শালবাৰীঃ মানাহ ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষৰ এখন জাননীৰ পিছতে বাক্সাৰ কাহিতামাত গো পালকৰ মাজত হাহাকাৰ। ৰাষ্ট্ৰীয় উদ্যানখনৰ বন্যপ্ৰাণীৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি গৰু-ম’হৰ বিচৰণৰ নিষেধাজ্ঞাৰে গো-পালকসমূহলৈ জাননী বন বিভাগৰ। এমাহৰ ভিতৰত মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ সীমাৰ পৰা ৫ কিলমিটাৰ নিলগলৈ গৰু-ম’হৰ বাথানসমূহো স্থানান্তৰ কৰাৰ নিৰ্দশ বন বিভাগৰ।
তাৰ পিছতে শংকিত হৈ পৰে মানাহ কাষৰীয়া বৃহত্তৰ অঞ্চলটোৰ শতাধিক গো পালক। কিয়নো অঞ্চলটোৰ শতাধিক বাথানত আছে হাজাৰ হাজাৰ গৰু-ম’হ। ইয়াৰোপৰি কৃষিজীৱি অঞ্চলটোৰ প্ৰতিঘৰৰে আছে বহুসংখ্যক গো-ধন। এই গৰু-ম’হসমূহৰ একমাত্ৰ বিচৰণস্থলী মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ ঘাঁহনি। তাৰ পিছতে উপায়ন্তৰ ৰাইজে এখন সভা অনুষ্ঠিত কৰি এই সমস্যা সমাধানৰ বাবে স্থানীয় MCLA তথা বি.টি.আৰ.ৰ কাৰ্যবাহী সদস্য গৌতম দাসক নিমন্ত্ৰণ কৰে।
কাৰ্যবাহী সদস্য গৰাকীয়ে গো-পালকৰ নিজৰ ভূমিত থকা গো বাথানসমূহ কোনোপধ্যেই স্থানান্তৰ হ'বলৈ নিদিয়াৰ আশ্বাস প্ৰদান কৰে। লগতে গোধনসমূহ পৰাপক্ষত ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰলৈ নিনিবলৈ গো-পালক সকলক অনুৰোধ জনায়। ইয়াৰোপৰি বিটিচিৰ উৰ্দ্ধতন বন কৰ্তৃপক্ষৰ সৈতে আলোচনা কৰি এই সমস্যা সমাধানৰ আশ্বাস প্ৰদান কৰে কাৰ্যবাহী সদস্য গৌতম দাসে। উল্লেখ্য যে উক্ত কাৰ্যসূচীত শতাধিক গো-পালক উপস্থিত থাকে।