বিহালীত চৰকাৰী পথ বেদখল

 11/15/2021 - 15:17
 
 
 
বিহালীঃ যি সময়ত মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই চৰকাৰী ভূমি বেদখলকাৰী বিৰুদ্ধে উচ্ছেদ অভিযান চলাই আছে সেই সময়তে একাংশ ব্যৱসায়ীয়ে চৰকাৰী ভূমি দখল কৰা ঘটনা পোহৰলৈ আহিছে। তেনে এক ঘটনা সংঘটিত হৈছে বিহালী সমষ্টিৰ ৰাংছালীৰ সাধুবস্তিত(চাধুবস্তিত)। সাধুবস্তি চেন্টাৰৰ ঐতিহ্য মন্দিত এটা চৰকাৰী ৰাস্তা কেইজনমান ব্যৱসায়ী আৰু কেইজনমান লোকে বেদখল কৰা অভিযোগ অসম অনুসূচীত জাতী যুৱ ছাত্র সন্থাৰ বিশ্বনাথ জিলা সমিতিৰ।
 
সাধুবস্তি চেন্টাৰৰ এটা অতি পুৰণি পথ যিটো পথৰে মানুহ অহা-যোৱা কৰাৰ লগতে দুখনকৈ গৰু গাড়ী পাৰ হৈছিল কিন্তু এতিয়া পথটোৰ মাজেৰে গৰু গাড়ী বাদেই এখন ঠেলাও পাৰ হৈ যাব নোৱাৰে। কাৰণ এতিয়া পথটোৰ দুয়োকাষে কেইজনমান ব্যৱসায়ীয়ে পকী দেৱাল মাৰি দোকান বনাইছে আৰু কেইজমান লোকে মাটি ঠেলি পথটো বন্ধ কৰি দিছে। আজি পথটোৰ দুৰৱস্থা দেখি অসম অনুসূচীত জাতি যুৱ ছাত্র সন্থাৰ বিশ্বনাথ জিলা সমিতিৰ বিষয়ববীয়া তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি অতি শীঘ্ৰে পথটোৰ বেদখল কাৰীৰ কবলৰ পৰা মুক্ত কৰিবলৈ অসম চৰকাৰক দাবী জনায়।
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।