11/16/2021 - 19:06
in
বকোঃ অসম আৰু মেঘালয়ৰ মুখ্যমন্ত্ৰী একেলগে লাম্পীত| দীর্ঘদিনীয়া সীমা সমস্যা সমাধানৰ বাবে অসম মেঘালয় সীমান্তৰ চিৰ সেউজ লাম্পীত উপস্থিত হয় অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগতে মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাত চাংমা। দীর্ঘদিনীয়া সীমা সমস্যাৰে জৰ্জৰিত আৰু উন্নয়নৰ কোনো আঁচনিয়ে ঢুকি নোপোৱা অপূৰ্ব প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপুৰ অসমৰ টাৱাংখ্যাত লাম্পীত উপস্থিত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাত চাংমা, কৃষিমন্ত্ৰী অতুল বৰাৰ লগতে সংগ দিয়ে বকোৰ বিধাইকা নন্দিতা দাসে| লগতে মেঘালয়ৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মন্ত্ৰী ৰিঙিকটন লইনডো টংকাহ । লাম্পীৰ জলন্ত সমস্যা সমাধান আৰু সীমান্তবাসীক সৰ্বদিশত আগুৱাই নিবলৈ লাম্পীত দুয়োখন ৰাজ্যই মিলি কাম কৰি লাম্পীক আগবঢ়াই নিবলৈ মত প্রকাশ কৰে। মুখ্যমন্ত্ৰীয়ে ভাষণত দীর্ঘদিনীয়া সীমা সমস্যা অতি সোনকালে শান্তিৰে সমাধান কৰিব বুলি প্ৰকাশ কৰে।