নামঘৰ নগৰী জামুগুৰিহাটৰ গাঁৱে গাঁৱে ৰাস উদযাপনৰ প্ৰস্তুতি

 11/17/2021 - 12:27
 
 
 
 
 
 
 
 জামুগুৰিহাটঃ ৰাজ্যৰ অন্যান্ন প্ৰান্তৰ লগতে নামঘৰ নগৰী জামুগুৰিহাটতো এতিয়া ৰাস উদযাপনৰ প্ৰস্তুতি তুংগত উঠিছে৷ খোল-তাল বাঁহীৰ শব্দই বৈকুণ্ঠ নগৰী কৰি তুলিছে জামুগুৰিহাটৰ আকাশ-বতাহ৷ অঞ্চলটোৰ গাঁৱে গাঁৱে এতিয়া ৰাসৰ আখৰাত ব্যস্ত গঞাঁ ৰাইজ৷ জামুগুৰিহাটৰ হাটিঙাৰ ৰামপুৰ নামঘৰ প্ৰাংগণত এইবাৰ কৰুণাময় যুৱক সংঘৰ উদ্যোগত ৰামপুৰ ৰাইজৰ সহযোগত বিস্তৃত কাৰ্য্যসূচীৰে অনুষ্ঠিত কৰিবলৈ লৈছে দশম বাৰ্ষিক শ্ৰীকৃষ্ণ ৰাস মহোৎসৱ৷
 
এই লৈ উখল-মাখল এতিয়া ৰামপুৰ গাঁৱৰ পৰিৱেশ৷ কণ কণ শিশুৰ পৰা আৰম্ভ কৰি যুৱতী, মহিলা সকলো খোলৰ তালে তালে কৃষ্ণ, গোপীৰ অভিনয়ৰ আখৰাত ব্যস্ত হৈ পৰা দেখা গৈছে৷ চৰকাৰী সকলো নীতি-নিয়ম মানি চলি এই ৰাস উদযাপন কৰিব বুলি জানিবলৈ দিয়ে ৰাস উদযাপন কমিটিৰ উদ্যোক্তা৷
 
 
 
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।