11/17/2021 - 15:34
in
শালবাৰীঃ মানাহ সংযোগী পথৰ গোৱৰ্ধনাত প্ৰশাসনৰ উচ্ছেদ অভিযান৷ জেচিবি, বুলেডজাৰ লগাই প্ৰশাসনে উচ্ছেদ কৰিলে বৰপেটাৰ গোৱৰ্ধনা বজাৰত থকা ৫৫ খনকৈ সৰু বৰ দোকান৷ গোৱৰ্ধনাত স্বাস্থ্য আৰু কল্যাণ কেন্দ্ৰৰ চৌহদত বছৰ বছৰ ধৰি অবৈধভাৱে দখল কৰি থকা দোকান-পোহাৰত চলায় এই উচ্ছেদ অভিযান৷ গোৱৰ্ধনাত মানাহ ৰাষ্ট্ৰীয় উদ্যান সংযোগী পথ আৰু স্বাস্থ্য আৰু কল্যাণ কেন্দ্ৰৰ চৰকাৰী মাটিত থকা ৫৫ খনকৈ দোকানক এমাহ পূৰ্বে উচ্ছেদৰ জাননী জাৰি কৰিছিল বৰনগৰ চক্ৰ বিষয়া পাৰ্থ প্ৰতীম খনিকৰে৷
বৰপেটা ৰোড আৰক্ষী বিষয়া অভিজিৎ বৰুৱা আৰু চিআৰপিএফ বাহিনীৰ সহযোগত চলে উচ্ছেদ অভিযান৷ উচ্ছেদিতৰ অভিযোগ-প্ৰশাসনে একপক্ষীয়ভাৱে চলাইছে আজিৰ উচ্ছেদ অভিযান৷ প্ৰশাসনে মানাহ সংযোগী পথৰ দুয়োকাষৰ দোকান উচ্ছেদ কৰিব লাগিছিল যদিও কেবল এটা অংশহে উচ্ছেদ কৰাত ক্ষোভ প্ৰকাশ উচ্ছেদিতৰ৷ উচ্ছেদিতৰ অভিযোগ স্বাস্থ্যকেন্দ্ৰৰ চৌহদৰ বাহিৰত থকা দোকান পোহাৰতো কোনো ৰাজনৈতিক ব্যক্তিৰ স্বাৰ্থত চলাইছে উচ্ছেদ অভিযান৷ উচ্ছেদৰ জাননীত মানাহ ৰাষ্ট্ৰীয় উদ্যান সংযোগী পথ আৰু স্বাস্থ্ কেন্দ্ৰৰ ওচৰৰ চৰকাৰী মাটিত একাংশই বেদখল কৰি দোকান পোহাৰ চলাই থকা বুলি উল্লেখ কৰিছিল প্ৰশাসনে৷