২০ জন দৃষ্টিহীনে লাভ কৰিলে দৃষ্টি শক্তি, খনছিং ৰংপিক কৃতজ্ঞতা জ্ঞাপন

 11/19/2021 - 12:51
 
 
 
বোকাজানঃ দৃষ্টিহীনজনেহে জানে জীয়াই থকাটো কিমান কঠিন। সুদীৰ্ঘ ৭-৮ বছৰৰ মূৰত দৃষ্টি শক্তি ঘূৰাই পাই আনন্দত আত্মহাৰা এই লোকসকল কাৰ্বিআংলং জিলাৰ হাওৰাঘাটৰ। আচলতে কাৰ্বিআংলং স্বায়ত্ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাং, সাংসদ হৰেণ ছিং বে আৰু স্বাস্থ্যবিভাগৰ কাৰ্যবাহী সদস্য খনছিং ৰংপিৰ বিশেষ তৎপৰতাত এওঁলোকে পুনৰ সক্ষম হ'ল দৃষ্টি শক্তি ঘূৰাই পাবলৈ।
 
উল্লেখ্য, জিলাখনৰ বিভিন্ন প্ৰান্তত ইতিমধ্যে চলিছে মেগা আই কেম্প আৰু তাৰ পৰাই কেটৰেক বা অন্যান্য সমস্যাত ভোগা ৰোগীসকলক যোৰহাট Lions Club ৰ সহযোগত সম্পূৰ্ণ বিনামূলীয়াকৈ কৰা হৈছে অস্ত্ৰোপ্ৰচাৰ। প্ৰথম পৰ্যায়ত ২০ গৰাকী লোকৰ অস্ত্ৰোপ্ৰচাৰ সুকলমে হৈ যোৱাৰ পিছত পৰ্যায়ক্ৰমে এই কাৰ্যসূচী চলি থাকিব বুলি সদৰী কৰে স্বাস্থ্যবিভাগৰ কাৰ্যবাহী সদস্য খনছিং ৰংপিয়ে। 
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।