11/19/2021 - 18:29
in
ডুমডুমাঃ তিনিচুকীয়া জিলাৰ তালাপ-কৰদৈগুৰি অঞ্চলৰ ধূলিজান ৰাজহুৱা ভূপেন হাজৰিকা মুকলি মঞ্চ প্ৰাংগনত শুকুৰবাৰে অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ পৃষ্ঠপোষকতাত অসম মৰাণ সভাৰ উদ্যোগত মৰাণ জনগোষ্ঠীৰ জাতীয় বীৰ ৰাঘৱ মৰাণ দিৱস উদযাপন কৰা হয়।
সদৌ মৰাণ সভাৰ উদ্যোগত আৰু মৰাণ জনজাতিৰ কেউটা সংগঠনৰ সহযোগত অনুষ্ঠিত হোৱা কাৰ্যসূচী অনুসৰি পুৱা সমন্বয় ক্ষেত্ৰ উদ্বোধন, পতাকা উত্তোলন, স্মৃতি তৰ্পন, নামঘৰৰ ধৰ্মীয় কাৰ্যসূচী, বৃক্ষ ৰোপণ ইত্যাদি কাৰ্যসূচীৰ পিছতেই সাংস্কৃতিক শোভাযাত্ৰা ৰূপায়ণ কৰা হয়৷
সমগ্ৰ অসমৰ কেইবাসহস্ৰাধিক মৰাণ জনজাতিৰ লোক উপস্থিত থকা দিৱসটিৰ মঞ্চ মুকলি কৰে সদৌ মৰাণ ছাত্ৰ সন্থাৰ প্ৰাক্তন সভাপতি অৰুণজ্যোতি মৰাণে৷ মুকলি সভাত অসমৰ বিভিন্ন জাতীয় জনগোষ্ঠীয় ছাত্ৰ সংগঠনৰ নেতৃত্বই অংশগ্ৰহণ কৰে৷ উল্লেখনীয় যে, ২০২১ বৰ্ষৰ বাবে ৰাজ্য চৰকাৰে নিৰ্বাচিত কৰা লোক সংস্কৃতিৰ গৱেষক, বিশিষ্ট সাহিত্যিক ড০ উপেন ৰাভা হাকাচামক মনোনীত কৰিছে।
আজিৰ দিনটোতে বীৰ ৰাঘৱ মৰাণ বঁটাৰ বাবে ৰাজ্য চৰকাৰে নিৰ্বাচিত কৰা সাহিত্যিক ড০ উপেন ৰাভা হাকাচামক আনুষ্ঠানিকভাৱে বঁটা প্ৰদান কৰিব লাগিছিল যদিও সেইয়া প্ৰদান নকৰাত ক্ষোভ প্ৰকাশ কৰে মৰাণ ছাত্ৰ সন্থাৰ নেতৃত্বই৷