12/09/2021 - 16:04
in
নিউজ ডেস্কঃ যোৰহাট নগৰৰ মাজ মজিয়াত দিন–দুপৰতে হত্যাৰ বলি হোৱা এজন ছাত্ৰ নেতা। এদল উদণ্ড গুণ্ডা বাহিনীয়ে মৰিয়াই মৰিয়াই হত্যা কৰিলে সদৌ অসম ছাত্ৰ সন্থাৰ গোলাঘাট জিলাৰ ব্ৰহ্মপুত্ৰ আঞ্চলিক সমিতিৰ শিক্ষা সম্পাদক অনিমেশ ভূঞাক।এই সাধাৰণ ঘটনা আছিল। স্কুটী চলাই আহি পথৰ ওপৰত বাগৰি পৰা মোহন দাস নামৰ এগৰাকী বয়সীয়াল ব্যক্তিক দুই বন্ধুসহ সহায় কৰিবলৈ গৈছিল অনিমেশে।
কিন্তু সুৰাসক্ত হৈ অহা বুলি অভিযোগ উঠা উক্ত ব্যক্তিজনে অনিমেশহঁতৰ সৈতে কাজিয়াত লিপ্ত হৈ একাংশ যুৱকক ঘটনাস্থলীলৈ মাতি দিয়ে। আৰু যুৱকৰ দলটো ঘটনাস্থলীত উপস্থিত হৈ অনিমেশৰ লগতে দুই বন্ধুক উপৰ্যুপৰি প্ৰহাৰ কৰে। দলটোৰ নেতৃত্বত আছিল মোহন দাসৰ পুত্ৰ ক’লা ল’ৰা ওৰফে নীৰজ দাস। উন্মাদ যুৱকৰ দলটোৰ আক্ৰমণত দুৰ্ভাগ্যজনকভাৱে মৃত্যুক আঁকোৱালি লয় অনিমেশ নামৰ সম্ভাৱনাপূৰ্ণ যুৱকজনে।বৰ্বৰ হত্যাকাণ্ডৰ বলি হোৱা ছাত্ৰ নেতা অনিমেষ ভূঞাৰ আজি আদ্যশ্ৰাদ্ধ!