01/05/2022 - 19:49
in
ডুমডুমাঃ ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ জন্মজয়ন্তীৰ উপলক্ষে সদৌ অসম ছাত্ৰ সন্থাই উদযাপন কৰি অহা কেন্দ্ৰীয় 'শিল্পী দিৱস' এইবাৰ চাহ নগৰী ডুমডুমাত 2 দিনীয়া কাৰ্য্যসূচীৰে আয়োজন কৰিছে| অহা ইং 16 আৰু 17 জানুৱাৰী তাৰিখে অনুষ্ঠিত হবলগীয়া আড়ম্বৰপূৰ্ণ অনুষ্ঠানটোৰ প্ৰস্তুতি ইতিমধ্যে সম্পূৰ্ণ কৰিছে আছুয়ে| চাহ নগৰী ডুমডুমাৰ নগৰ খেল পথাৰত আয়োজিত শিল্পী দিৱসৰ মুল ৰভাৰ 'লাইখুঁটা স্থাপনৰ কাৰ্য্যসূচী আজি ৰূপায়ণ কৰা হয়|
গায়ন-বায়নৰে আয়োজিত অনুষ্ঠানত আছুৰ সভাপতি শংকৰজ্যোতি বৰুৱাই 'লাইখুঁটা' স্থাপন কৰি অসম আৰু অসমীয়াৰ জাতীয় জীৱনত জ্যোতিপ্ৰসাদ আগৰৱালাৰ অমুল্য অৱদানক চিৰ যুগমীয়া কৰি ৰাখিবলৈ আছুয়ে প্ৰতিবছৰে উদযাপন কৰা 'শিল্পী দিৱস'ত জাতি, ভাষা, ধৰ্ম, বৰ্ন নিৰ্বিশেষে সকলো ৰাইজৰ সহযোগিতা আৰু উপস্থিতি কামনা কৰিছে| অনুষ্ঠানত সদৌ অসম চুতীয়া ছাত্ৰ সন্থাৰ কাৰ্য্যকৰি সভাপতি সমীৰন বৰা, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ যুটিয়া সম্পাদক সুৰজীত মৰান, চাহ জনজাতি ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় কাৰ্য্যনিৰ্বাহক সদস্য ৰূপেশ তাঁতী, তিনিচুকীয়া জিলা সাহিত্য সভাৰ সভাপতি অৰ্জুন বৰুৱাৰ লগতে ডুমডুমা শাখা সাহিত্য সভা, ডুমডুমা প্ৰেছ ক্লাব আৰু বিভিন্ন দল-সংগঠনৰ নেতৃত্ব উপস্থিত থাকে|