01/06/2022 - 12:32
in
বিহালীঃ অহা ১৬ জানুৱাৰী ২০২২ তাৰিখ দেওবাৰে বিশ্বনাথ চাৰিআলিৰ অন্যতম সাহিত্য অনুষ্ঠান ৰ’দৰ উদ্যোগত আৰু গুৱাহাটী আৰু বিশ্বনাথ চাৰিআলিৰ পৰা প্ৰকাশিত তিনিমহীয়া আলোচনী ৰ’দৰ সহযোগত বিশ্বনাথ চাৰিআলিৰ ’ হিমালয় বিবাহ ভৱনত ৰ’দৰ বৰ্ষপূৰ্তি অনুষ্ঠানটি অনুষ্ঠিত হ’ব৷ সেই সন্দৰ্ভত আজি ৰ'দ গোষ্ঠীৰ হৈ উপদেষ্টা বিমান ৰায় বৰুৱা, গোপাল শৰ্মা, উপ সভাপতি নিৰঞ্জন হাজৰিকা, সম্পাদক জয়ন্ত বৰুৱা, সহকাৰী সম্পাদক খগেন মটক, সদস্য নুৰ হুচেইন আদি উপস্থিত থাকে।
"বিশ্বনাথ চাৰিআলিৰ গ্ৰীণ ছিলী হোটেলত অনুষ্ঠিত সংবাদমেলত উল্লেখ কৰে যে উক্ত অনুষ্ঠানত সদৌ অসম ভিত্তিত কবি সন্মিলন আৰু অসমৰ ৩০ খন জিলাৰ পৰা ৪৯ গৰাকী ৰ’দৰ কবি-সাহিত্যিকক কেইবাটাও শিতানত ৰ’দৰ বঁটা প্ৰদান কৰা হ’ব৷ বঁটা প্ৰদান কৰিবলৈ নিৰ্বাচিত কৰা কবি-সাহিত্যিক সকলৰ ভিতৰত অন্যতম হ’ল পদ্মশ্ৰী বঁটা প্ৰাপক, সাহিত্য অকাডেমী বঁটা প্ৰাপক স্বনামধন্য সাহিত্যিক শ্ৰীযুত য়েছে দৰজে ঠংচি আৰু অসমীয়া কাব্য সাহিত্যৰ স্বনামধন্য কবি শ্ৰীযুত সমীৰ তাঁতী৷ য়েছে দৰজে ঠংচিদেৱক’ ৰ’দৰ গদ্যৰত্ন বঁটা’ আৰু সমীৰ তাঁতীদেৱক’ কাব্যৰত্ন বঁটা’ প্ৰদান কৰা হ’ব৷ উল্লেখ্য যে এই অনুষ্ঠানত অসমৰ কবি-সাহিত্যিকৰ ১০খনকৈ গ্ৰন্থ উন্মোচন কৰা হ'ব বুলি ৰ'দৰ সম্পাদক জয়ন্ত বৰুৱাই জানিবলৈ দিছে।