01/06/2022 - 16:42
in
বিহালীঃ বিহালীৰ উচ্চ শিক্ষানুষ্ঠান 'বিহালী মহাবিদ্যালয়ৰ শিক্ষক গোটে বিভিন্ন সময়ত দুখীয়া ছাত্ৰ-ছাত্ৰীৰ মাজত অন্ন-বস্ত্ৰ প্ৰদান কৰি ছাত্ৰ-ছাত্ৰীসকলৰ শিক্ষা বিকাশৰ ক্ষেত্ৰখনত প্ৰেৰণা যোগাই আহিছে। যোৱাকালি মহাবিদ্যালয়খনৰ শিক্ষক গোটৰ সভাপতি তথা অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপক ড° টুনটুন বৰা'শিক্ষক গোটৰ সম্পাদক অধ্যাপক ড° বিনুদ চুবেদী'অসমীয়া বিভাগৰ অধ্যাপক ড°হেমন্ত বৰা",অধ্যাপক ৰাজীব মহন্ত , চঞ্জিব কুমাৰ ছেত্রী, ড মিতালী দাস,বৰ্ণালী মহন্ত, ড মধুস্মিতা চৌধুৰী , জয়ন্ত হাজৰিকা, নকুল কালন্দী( ৱাৰ্ড সদস্য) উপেন ভুমিজ আধাৰ কালন্দী (গাঁওৰক্ষীবাহিনীৰ সদস্য), ড গুণজিৎ কলিতা, সুনিল দাস, মুকুল হাজৰিকা, ৰবিন গোস্বামী আদিৰ নেতৃত্বত দক্ষিণ মৰাণ গাঁও প্ৰাথমিক বিদ্যালয়ত এখন সজাগতা সভা অনুষ্ঠিত কৰি ছাত্ৰ-ছাত্ৰীৰ মাজত বস্ত্ৰ বিতৰণ কৰা হয়।
বিদ্যালয়খনৰ প্ৰধান শিক্ষয়িত্ৰী থানেশ্বৰী কুৰ্মী গঞ্জু শিক্ষক মুনিন বৰাৰ লগতে বৰগাং অঞ্চলৰ বিশিষ্ট সমাজকৰ্মী প্ৰেমলাল গঞ্জুৰ উপস্থিতিত সভাখন অনুষ্ঠিত হয়। ড° টুনটুন বৰাই আতঁ ধৰা সভাখনত অধ্যাপক সকলৰ লগতে সমাজকৰ্মী প্ৰেমলাল গঞ্জু 'সাংবাদিক খগেন মটক আদিয়ে বক্তব্য ৰাখে। ভবিষ্যতে বিহালীৰ সীমামূৰীয়া অঞ্চলত এই কাৰ্যসূচী গ্ৰহণ কৰা হব বুলি জানিবলৈ দিছে।