01/08/2022 - 12:55
in
শালবাৰীঃ জিলাখনৰ মইনামাতা পথাৰত অনুষ্ঠিত অধিৱেশনখনৰ আজি দ্বিতিয়টো দিন। খাৰিজা বিজনী এবছুৰ সোনালী জয়ন্তীৰ লগত সংগতি ৰাখি জাক-জমকতাৰে অনুষ্ঠিত কৰা হৈছে অধিৱেশনখন। পতাকা উত্তোলন, স্মৃতি তৰ্পন আদি বৰ্ণাঢ্য কাৰ্যসূচীৰে উখল-মাখল হৈ পৰে অধিৱেশনস্থলী। বৰ্ষটোৰ বাবে ছাত্ৰ-ছাত্ৰীৰ বাবে কেনেদৰে কাম-কাজ কৰিব সেইে বিষয়ে পৰ্যালোচনাত মিলিত হোৱাৰ কথা জানিবলৈ দিয়ে এবছুৰ বাক্সা জিলা সভাপতি উমেশ দৈমাৰীয়ে। উল্লেখ্য যে কাইলৈ মুকলি সভাত এবছুৰ কেন্দ্ৰীয় কমিটিৰ সভাপতি দীপেন বড়ো, বিটিআৰ প্ৰধান প্ৰমোদ বড়ো, কেবিনেট মন্ত্ৰী ইউ জি ব্ৰহ্মকে ধৰি বহুসংখ্য বিশিষ্ট ব্যক্তি উপস্থিত থাকিব।