01/18/2022 - 18:32
in
নিউজ ডেস্কঃ যোৰহাটৰ মাজমজিয়াত গণ আক্ৰমণৰ বলি হৈ প্ৰাণ হেৰুওৱা অনিমেষ ভূঞাৰ হত্যাৰ অভিযোগত অভিযুক্ত ১৪জনৰ বিৰুদ্ধে যোৰহাট আৰক্ষীয়ে দাখিল কৰিছে চাৰ্জশ্বিট। ইফালে পুত্ৰৰ হত্যাকাৰীৰ বিৰুদ্ধে আৰক্ষীয়ে চাৰ্জশ্বিট দাখিল কৰাৰ পিছতে অনিমেষৰ মাতৃয়ে সাংবাদিকৰ সন্মুখত সন্তোষ ব্যক্ত কৰে।
অনিমেষক যি সময়ত যোৰহাটৰ ৰাজপথত মৰিয়াই মৰিয়াই একাংশ পাষণ্ডই হত্যা কৰিছিল, সেই সময়ত অগণন লোক উপস্থিত আছিল সেই ঠাইত। বহুতে মোবাইল কেমেৰাৰে ভিডিঅ’ বনোৱাত ব্যস্ত আছিল, আন বহুতে আকৌ উপভোগ কৰিছিল সেই দৃশ্যৰ। কিন্তু হত্যাকাৰীক আটক কৰাৰ পিছত আৰক্ষীৰ ওচৰত অভাৱ ঘটিছিল সাক্ষীৰ। সেই কথা যোৰহাট আৰক্ষীয়ে নিজেই প্ৰকাশ কৰিবলগা হৈছিল।