06/06/2019 - 15:20
in
ডিজিটেল ডেস্কঃ এটা দুটা নহয়, একেলগে ৯০টাকৈ বোমা বিস্ফোৰণে কঁপালে পুণেৰ প’ড অঞ্চল৷ জানিব পৰা মতে তামহিনী বন্যপ্ৰাণী অভয়াৰণ্যত বন্যজন্তু হত্যাৰ বাবে চোৰাং চিকাৰীয়ে লুকুৱাই ৰাখিছিল বোমাসমূহ। কিছুদিন পূৰ্বে এই তথ্য লাভ কৰি বন বিভাগৰ এটা দলে অভিযান চলাইছিল।
উক্ত অভিযানত উদ্ধাৰ হৈছিল ৯০টা হস্তনিৰ্মিত দেশীয় বোমা। বোমাকেইটা উদ্ধাৰ কৰি দলটোৱে পুণেৰ ৩০ কিলোমিটাৰ নিলগৰ প’ড চহৰৰ বন বিভাগৰ কাৰ্যালয়তে ৰাখিছিল। সন্দেহ কৰা মতে অত্যধিক গৰমৰ ফলতে উক্ত বোমাকেইটা বিস্ফোৰণ ঘটে। পুৱা প্ৰায় ৪ বজাত বোমাকেইটা বিস্ফোৰণ হয়।
এই বিস্ফোৰণৰ পিছতে অঞ্চলটোত জাৰি কৰা হৈছে সতৰ্কবাণী। উল্লেখ্য যে বিস্ফোৰণৰ সময়ত কাৰ্যালয়টোত কোনো ব্যক্তি উপস্থিত নাছিল। বিস্ফোৰণৰ ফলত কাৰ্যালয়টোৰ বৃহৎ ক্ষতিসাধন হয়