কংগ্ৰেছৰ প্ৰায় ৮০ শতাংশই চোৰ-ডকাইত- মন্ত্ৰী পীয়ুষ হাজৰিকা

 01/28/2022 - 19:44
 
 
নিউজ ডেস্কঃ ৰাজনীতিত বোকা চটিওৱাৰ খেল নতুন নহয়। কিন্তু বৰ্তমানৰ ৰাজনীতিত অভিযোগ-প্ৰত্যাভিযোগৰ চৰম পর্যায়ে স্বাভাৱিকতে এই আশংকা বৃদ্ধি কৰিছে যে মূল্যবোধৰ ৰাজনীতি আজি হেৰাই গ’ল নেকি!বৰ্তমানৰ বিজেপি চৰকাৰৰ মন্ত্ৰী পীযুষ হাজৰিকাৰ ৰাজনৈতিক কেৰিয়াৰ আৰম্ভ হৈছিল কংগ্ৰেছৰ পৰাই। একালত কংগ্ৰেছৰ নীতি-আদৰ্শৰ প্ৰতি প্ৰভাৱিত হোৱা নেতাজন আজি বিজেপিৰ নীতি আদৰ্শৰ প্ৰতি প্ৰভাৱিত।এদিন কংগ্ৰেছক নিকা ৰাজনৈতিক দল বুলি ভবা সকলেই আজি বিজেপিত থাকি কংগ্ৰেছৰ লেতেৰা ৰাজনীতিৰ সমালোচনা কৰে।
দল সলনি হলে এনেদৰেই সলনি হয় চিন্তা আৰু আদর্শও। যাৰ বাবেই একালৰ কংগ্ৰেছ নেতা তথা এতিয়াৰ বিজেপি মন্ত্ৰী পীযুষ হাজৰিকাই দাবী কৰিলে- কংগ্ৰেছৰ ৮০ শতাংশই চোৰ-ডকাইত বা তেনে লোকৰ বংশধৰ।
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।