কঠীয়াতলীৰ এগৰাকী মহিলাৰ প্ৰংশসনীয় পদক্ষেপ

 01/30/2022 - 16:55
 
 
কামপুৰঃ নগাঁও জিলাৰ কঠিয়াতলী বৰহোলা গাঁৱৰ এগৰাকী মহিলাই দেখুৱাইছে স্বাবলম্বিতাৰ নিদৰ্শন। তনয়া শইয়ীয়া নামৰ এইগৰাকী মহিলাই  চৰকাৰী চাকৰি লৈ বাট নাচায় নিজ ঘৰতে বিভিন্ন ধৰণৰ শাক-পাচলিৰ লগতে পুখুৰিত মাছ আৰু হাঁহ পালনেৰে নিজকে আত্মনিৰ্ভৰশীল কৰি তুলিবলৈ সক্ষম হৈছে।
 
জানিব পৰা মতে প্ৰায় পাঁচ বিঘা মাটিত সৰিয়হ, বেঙেনা, মটৰ, জলকীয়া, লাই, পালেং, বিলাহিকে ধৰি বিভিন্ন ধৰণৰ শাক-পাচলি খেতি কৰাৰ লগতে এটা বৃহৎ পুখুৰিত মাছ আৰু হাঁহ পালন কৰি আহিছে। মহিলা গৰাকীৰ এনে ধৰণৰ কায্য সচাকৈয়ে শলাগ লবলগীয়া। স্বামী আৰু দুটি সন্তানৰ মাতৃ তনয়া শইকীয়াৰ এনে কায্যক এতিয়া প্ৰশংসা কৰিছে অঞ্চলবাসীয়ে।
 
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।