জটিল ৰোগত আক্ৰান্ত মিকিৰপাৰ উৰিয়া গাঁৱৰ ১৫ বছৰীয়া কিশোৰ, সহায়ৰ বাবে আহ্বান

 01/31/2022 - 12:56
 
 
কামপুৰঃ জটিল ৰোগত আক্ৰান্ত হৈ জীৱন যন্ত্ৰণাত ভুগিছে নগাঁও জিলাৰ বঢ়মপুৰ সমষ্টিৰ ননৈ মিকিৰপাৰ উৰিয়া গাঁৱৰ ধ্রবজ্যোতি বৰা নামৰ ১৫ বছৰীয়া এটি কিশোৰ। চাৰিবছৰ মানৰ আগলৈকে দৌৰি ফুৰা কিশোৰটি এক জটিল দুৰাৰোগ্যয়ে গ্ৰাস কৰিছে। নৱম মান শ্ৰেণীত অধ্যয়নৰত এই কিশোৰটি ক্ৰমাগতভাৱে তেওঁৰ ৰাজহাড়ডাল বেঁকা হৈ আজি সম্পূৰ্ণ বেঁকা হৈ পৰিছে। তাৰ অতিমাত্ৰা ভাগৰ লগে কিছু বিষ অনুভৱ হয়, ঘৰৰ কাষৰ স্কুলখনলৈও যাবলৈ যেন অপাৰগ ধ্ৰুবজ্যোতি। পৰিয়ালৰলোকে ধ্রবজ্যোতিক প্ৰাথমিক চিকিৎসা কৰাইছিল যদিও উন্নত চিকিৎসাৰ বাবে অস্ত্রোপচাৰ বিধান দিছিল চিকিৎসকে।
 
কিন্তু এই অস্ত্ৰোপচাৰত বহু টকাৰ প্ৰয়োজন হোৱাত উন্নত চিকিৎসাৰ পৰা বঞ্চিত হৈছে কিশোৰটি। এই টকা যোগাৰ কৰাৰ বাবে অসমৰ্থ পিতৃ-মাতৃ। যাৰ কাৰণে এটা যন্ত্রণাময় জীৱন লৈয়ে শিশুটিয়ে দিন পাৰ কৰিছে। অসহায় তেনেই সৰল পিতৃ-মাতৃয়ে কাক ক’ব, ক'ত লৈ যাৱ কোনো ওৱাদিহ নাপাই, পুত্রৰ এই যন্ত্রণাৰ জুইকুৰা বুকুত লৈ দিন পাৰ কৰিছে। উপায়হীন ধ্ৰুবজ্যোতিৰ মাতৃয়ে চৰকাৰ আৰু সমূহ অসমবাসী ৰাইজৰ পৰা সহায় সহযোগিতা আগবঢ়াবলৈ অনুৰোধ জনাইছে। যদি আপুনিও শিশুটোক সহায় কৰিব বিচাৰে তেন্তে 7099768352 নম্বৰত যোগাযোগ কৰক।A/c - 7245026011635 , IFSC- PUNB0RRBAGB
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।