জামুগুৰিহাটৰ চিত্ৰশিল্পীৰ হাতৰ পৰশত প্ৰাণ পাই উঠিল বিধায়ক পদ্ম হাজৰিকাৰ সৈতে ৰামু

 01/31/2022 - 13:47
 
 
 
জামুগুৰিহাটঃ শোনিতপুৰ জিলাৰ জামুগুৰিহাটৰ উদীয়মান চিত্ৰ শিল্পী ৰাজদ্বীপ ভূঞাৰ হাতৰ পৰশত প্ৰাণ পাই উঠিছে চতিয়া সমষ্টিৰ জনপ্ৰিয় বিধায়ক পদ্ম হাজৰিকাৰ এখন বিশেষ ফটোৱে৷ বিধায়ক গৰাকীৰ অতি মৰমৰ বন্ধু হিচাপে খ্যাত তথা প্ৰতিটো বিপদত বিধায়ক গৰাকীৰ ছাঁৰ দৰে থকা ৰামু নামৰ হাতীটোৰ সৈতে অঁকা এখন ফটো এতিয়া সকলোৰে আকৰ্ষণৰ কেন্দ্ৰ বিন্দু হৈ পৰিছে৷ শনিবাৰে কন্যকা কৃষি পামত এই ফটোখন বিধায়ক পদ্ম হাজৰিকাক প্ৰদান কৰে বাঁহবাৰী সত্ৰ নিৱাসী ৰাজদ্বীপ ভূঞাঁই৷ বিধায়ক গৰাকীয়ে ৰামু তথা নিজৰ একমাত্ৰ পোহনীয়া হাতীটোৰ সৈতে নিজকে ফটোত দেখি আপ্লুত হৈ পৰি চিত্ৰশিল্পী ৰাজদ্বীপ ভূঞাক আন্তৰিক শলাগ লোৱাৰ লগতে ধন্যৱাদ জ্ঞাপন কৰে৷
 
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।