06/07/2019 - 13:20
in
ডিজিটেল ডেস্ক: বিশ্বৰ সুউচ্চ পৰ্বত মাউণ্ট এভাৰেষ্ট বৰ্তমান পৰিণত হৈছে ডাষ্টবিনলৈ। নেপাল চৰকাৰে দুমাহজুৰি চলোৱা চাফাই অভিযানত মাউণ্ট এভাৰেষ্টত উদ্ধাৰ কৰা হৈছে ১১ হাজাৰ কেজিৰ জাৱৰৰ দ'ম আৰু চাৰিটাকৈ মৃতদেহ। জাৱৰৰ দ'মটোত পোৱা গৈছে খালি চিলিণ্ডাৰ, প্লাষ্টিকৰ বটল, বেটেৰীৰ লগতে বহু পেলনীয়া খাদ্য সামগ্ৰী। মাউণ্ট এভাৰেষ্টত যোৱা এপ্ৰিল মাহৰ ১৪ তাৰিখৰ পৰা চলোৱা হৈছিল এই চাফাই অভিযান।
বিশ্ব পৰিবেশ দিৱস উপলক্ষে নেপাল চৰকাৰে এই কাৰ্যসূচী গ্ৰহণ কৰিছিল। উল্লেখ্য যে 'চেফ হিমালয়া কেম্পেইন' নামেৰে শ্ল'গানৰ জৰিয়তে প্ৰতিবছৰে এভাৰেষ্টত এইদৰে চাফাই অভিযান চলোৱা হ'ব বুলি নেপাল চৰকাৰে জানিবলৈ দিয়ে।