03/02/2022 - 20:10
in
গহপুৰঃ পৌৰসভা নিৰ্বাচনক লৈ ৰাজ্যজুৰি ব্যাপক তৎপৰতা৷ আৰু ব্যতিক্ৰম নহয় গহপুৰ পৌৰসভা৷ নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে ক্ৰমাৎ গৰম হৈ উঠিছে নিৰ্বাচনী বতাহ৷ ইতিমধ্যে গহপুৰত শাসকীয় বিজেপি দলে বিনা প্ৰতিদ্বন্দ্বিতাত তিনিখন ৱাৰ্ডত জয়লাভ কৰিছে৷ আৰু বাকী সাতখন ৱাৰ্ডত নিৰ্বাচনী প্ৰচাৰ অভিযান তু্ংগত ৰাখিছে। প্ৰচাৰ অভিযানত বিভিন্ন নেতা-পালিনেতাৰ সমান্তৰালকৈ বিধায়ক উৎপল বৰাৰ লগতে বিধায়কগৰাকীৰ পত্নী স্বৰস্বতী বৰায়ো অংশগ্ৰহণ কৰা দেখা গৈছে। নিৰ্বাচনী প্ৰচাৰৰ উদ্দেশ্যে বিধায়ক পত্নী গৰাকীয়ে বিভিন্ন ৱাৰ্ডৰ লগতে পাঁচ নং ৱাৰ্ডতো খোজ কাঢ়ি বৃহৎ সমদলৰে প্ৰচাৰ অভিযান চলায়। আৰু সাংবাদিকৰে হোৱা মুখামুখিত বিধায়ক পত্নী গৰাকীয়ে গোটেইকেইখন ৱাৰ্ডতে বিজেপিয়ে জয়লাভ কৰিব বুলি মতপোষণ কৰে।