নলবাৰী তিনিদিনীয়াকৈ আৰম্ভ হৈছে ৯৯ সংখ্যাক শ্ৰীশ্ৰী লক্ষ্মীনাৰায়ণ যজ্ঞ

 03/17/2022 - 16:35

নলবাৰী  তিনিদিনীয়াকৈ আৰম্ভ হৈছে ৯৯ সংখ্যাক শ্ৰীশ্ৰী লক্ষ্মীনাৰায়ণ যজ্ঞ
বৰখালা শ্ৰীশ্ৰী লক্ষ্মীনাৰায়ণ যজ্ঞত ভক্তৰ উথপথপ
বাৰবজাত নলবাৰী মহাবিদ্যালয়ৰ ভূগোল বিজ্ঞান বিভাগৰ অবসৰপ্ৰাপ্ত মুৰব্বী অধ্যাপক ড° দীনমণি ভাগৱতীৰ সঞ্চালনাত অনুষ্ঠিত হয়  ধৰ্মালোচনী সভা
সভাখন উদ্বোধন কৰে পশ্চিম বড়িগোগ ধীৰদত্ত উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ মনোৰঞ্জন বৰুৱাই
সভাত নলবাৰী সংস্কৃত মহাবিদ্যালয়ৰ অধ্যক্ষ ড°দ্বীপজ্যোতি বৰপূজাৰী আৰু  ইণ্ডিয়ান ইনষ্টিটিউট অৱ অৰিয়েণ্টেল হেৰিটেজৰ অধ্যাপক ড° কুমুদ চন্দ্ৰ শৰ্মা শাস্ত্ৰীয়ে বেদ উপনিষদৰ উদ্ধৃতি দি ধৰ্ম আৰু যজ্ঞৰ প্ৰাসংগিকতাৰ ওপৰত তত্বগধুৰ বিশ্লেষণ আগবঢ়াই৷

পশ্চিম বড়িগোগ ধীৰদত্ত উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত শিক্ষক হৰিদেৱ ভট্টাচাৰ্য্যই আতধৰা সভাখনৰ আৰম্ভণিতে শৰৎচন্দ্ৰ শৰ্মা আৰু বেদৱতী দেৱী বেদ বিদ্যালয়ৰ শিক্ষাৰ্থী সকলে বেদমন্ত্ৰ পাঠ কৰে৷
ইয়াৰ পিচতে ক্ৰমে স্মৃতিতৰ্পণ,বৃক্ষৰোপণ,সমূহীয়া স্বচ্ছ অভিযান,যজ্ঞৰ মুুখ্যদ্বাৰ উন্মোচন আদি কাৰ্য্যসূচী ৰূপায়িত কৰাৰ লগতে  সন্ধিয়া সুভাষ নাথ আৰু মন্টু ডেকাৰ নাগাৰানাম প্ৰদৰ্শন, 
অধিবাস,বন্তি প্ৰজ্বলন,টোপধ্বনি প্ৰজ্বলন আদি কাৰ্য্যসূচীৰে পহিলাদিনাৰ কাৰ্য্যসূচীৰ সমাপন কৰে৷
১৮ মাৰ্চৰ পূৰ্নাহুতিৰ দিনা প্ৰায় লক্ষ্য ভক্তৰ সমাগম হব বুলি যজ্ঞ পৰিচালনা সমিতিৰ সভাপতি সৰ্বেশ্বৰ শৰ্মাই জানিবলৈ দিয়ে৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।