ৰাজ্যৰ স্বাস্থ্য বিভাগৰ ফোপোলা স্বৰূপ
সাধাৰণ হাৰ্টৰ চিকিৎসাই নাপায় ৰোগীয়ে।
হাৰ্টৰ উন্নত চিকিৎসা নাপায় মৃত্যুৰ সৈতে যুজিছে দিলিঙাৰ অনামিকা মেধিয়ে।
ৰাজ্যৰ বি জে পি নেতৃত্বাধীন চৰকাৰৰ স্বাস্থ্য বিভাগৰ ফোপোলা স্বৰূপে প্ৰমাণ কৰে স্বাস্থ্য সেৱাৰ পয়ালগা অৱস্থাৰ।
এই চৰকাৰৰ স্বাস্থ্য বিভাগৰ সেৱাত যে ৰোগী নিৰাপদ নহয় সেয়া প্ৰমাণ কৰিলে কামৰূপ জিলাৰ বকো ৰাজহ চক্ৰৰ অন্তৰ্গত দিলিঙা গাওঁৰ দয়াল মেধিৰ পত্নী অনামিকা মেধিয়ে।
প্ৰাপ্ত তথ্য অনুসৰি ; বকো আৰক্ষী থানাৰ অন্তৰ্গত খলিহা গাওঁৰ জীয়ৰী অনামিকাই বিবাহ সুত্ৰে দিলিঙাৰ বাসিন্দা।
অনামিকাৰ আছে দুটি কন্যা সন্তান। কিন্তু হঠাতে অনামিকাৰ জীৱনলৈ নামি আহে ঘোৰ অন্ধকাৰ।
বুকুৰ বিষ হোৱাত পৰিয়ালৰ লোকে চিকিৎসকৰ ওচৰলৈ নিয়ে আৰু চিকিৎস্যকে হাৰ্টৰ ৰোগৰ সমস্যা থকা বুলি জানিব দিয়ে।
ইয়াৰ পিছতে পৰিয়ালৰ লোকে গুৱাহাটীৰ আয়ুশচন্দ্ৰা চুপাৰ স্পেচিয়েলিষ্ট হস্পিটেলত।
কিন্তু স্বাস্থ্য বিভাগৰ স্বাস্থ্য বিজ্ঞানৰ ব্যৰ্থ পৰীক্ষাই ঘোৰ অমানিশা নমাই আনে আৰু উন্নত চিকিৎসা নাপায় মৃত্যুৰ সৈতে যুজিছে অনামিকাই।
সাধাৰণ হাৰ্টৰ চিকিৎসাই নাপায় এই খন অসমত। ৰাজ্য চৰকাৰৰ চিকিৎসা নাপালে অনামিকাই উন্নত চিকিৎসা। এতিয়া উপায় নাপায় মৃত্যুৰ ক্ষণ গণিছে অনামিকাই।
সম্প্ৰতি অনামিকাৰ চিকিৎস্যাৰ নামত পৰিয়ালটো ধ্বংসৰ গৰাহত। ঘৰ মাটি ভেটি বিক্ৰী যোৱাৰ পথত।
এতিয়া পৰিয়ালটোৱে অনামিকাৰ উন্নত চিকিৎসাৰ বাবে সহায় বিচাৰি কাকুতি মিনতি কৰিছে চৰকাৰ ; দল ; সংগঠন আৰু হৃদয়বান শুভাকাংশীৰ ওচৰত। সেয়েহে পৰিয়ালৰ লোকে সদাশয় ৰাইজৰ সহায় সহযোগ বিছাৰিছে