আজিৰে পৰা আৰম্ভ হৈছে গঁড় গণনা, পৰ্যটকৰ বাবে বন্ধ কাজিৰঙা

 03/26/2022 - 14:32

 

নিউজ ডেস্কঃ আজিৰে পৰা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত আৰম্ভ হৈছে ১৪ সংখ্যক গঁড় গণনা‌। ২৬, ২৭ আৰু ২৮ মাৰ্চ তাৰিখে উদ্যানখনত সম্পন্ন হ’ব এই গঁড় গণনা কাৰ্যসূচী। এইবাৰ গঁড়ৰ গণনাৰ বাবে উদ্যানখনক ৮৪ টা কম্পার্টমেন্ট্ত ভাগ কৰা হৈছে৷ এই গণনাকার্যৰ বাবে মুঠ ৬৩ গৰাকী বিশেষজ্ঞক আমন্ত্ৰণ কৰিছে কাজিৰঙা উদ্যান কর্তৃপক্ষই৷ইফালে গঁড় গণনাৰ বাবে ৰাষ্ট্ৰীয় উদ্যান দৰ্শন কৰিবলৈ অহা পৰ্যটকৰ বাবে উদ্যানখনৰ কঁহৰা, বাগৰি, অগৰাতলি আৰু বুঢ়াপাহাৰ বনাঞ্চলকে ধৰি আটাইকেইখন বনাঞ্চলত এলিফেণ্ট ছাফাৰী ২৬–২৮ মাৰ্চলৈকে বন্ধ থাকিব। অন্যহাতে, ২৬ মাৰ্চত ৰাষ্ট্ৰীয় উদ্যানখনৰ অগৰাতলি বনাঞ্চল পৰ্যটকৰ বাবে কেৱল জীপ ছাফাৰীৰ বাবে মুকলি থকাৰ বিপৰীতে কঁহৰা, বাগৰি আৰু বুঢ়াপাহাৰ বনাঞ্চল বন্ধ থাকিব।২৭ মাৰ্চত অগৰাতলি বনাঞ্চল পৰ্যটকৰ বাবে বন্ধ থাকিব যদিও কঁহৰা, বাগৰি আৰু বুঢ়াপাহাৰ বনাঞ্চল মুকলি থাকিব আৰু ২৮ মাৰ্চত পৰ্যটকৰ বাবে বুঢ়াপাহাৰ বনাঞ্চল মুকলি থকাৰ বিপৰীতে কঁহৰা, বাগৰি আৰু অগৰাতলি বনাঞ্চল পৰ্যটকৰ বাবে জীপ ছাফাৰী বন্ধ ৰখা হ’ব বুলি উদ্যান কর্তৃপক্ষই এক নির্দেশযোগে ঘোষণা কৰিছে।

 

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।