সৰুপথাৰঃ অসম নাগালেণ্ড সীমান্তৰ ন-খুটিৰ B চেক্টৰত ২৯মাৰ্চ তাৰিখে নাগালেণ্ডৰ নিউলেণ্ড জিলা প্ৰশাসনৰ উদ্যোগত আৰু ১৫৫নং CRPF বাহিনীৰ সহযোগত দুয়োখন ৰাজ্যৰ মাজত সাংস্কৃতিক অনুষ্ঠানৰ লগতে আন্তঃৰাজ্যিক বিনিময়ৰ আলোচনা কৰা দেখা যায়। দুয়োখন ৰাজ্যৰ সাংস্কৃতিক দিশটো আৰু অধিক আগুৱাই নিবৰ বাবে প্ৰশাসনৰ তৰফৰ পৰা প্ৰয়াস কৰা হৈছে যাতে অনাগত দিনত দুইখন ৰাজ্য মাজত সম্প্ৰতিৰ এনাজৰী আৰু অধিক শক্তিশালী হয়। এই অনুষ্ঠানত আজি দুয়োখন ৰাজ্যৰ বিভিন্ন ধৰণৰ পৰম্পৰাগত কলাকৃষ্টি প্ৰদৰ্শন কৰা হয়।
এই অনুষ্ঠানতে ধনশিৰি মহকুমাৰ সীমান্ত দণ্ডাধীশ বিষয়া প্ৰাঞ্জল গগৈ, ধনশিৰি মহকুমাৰ মহকুমাধিপতি, মহকুমা আৰক্ষী বিষয়াৰ লগতে নাগালেণ্ড জিলাৰো বহুকেইজন প্ৰশাসনিক বিষয়া উপস্থিত থাকে।লগতে অসম নাগালেণ্ড সীমান্তৰ দুয়োখন ৰাজ্যৰ চৰকাৰী গাঁওবুঢ়াসকলৰ উপৰিও অগণন ৰাইজে অনুষ্ঠানসমূহ উপভোগ কৰিবলৈ পাই আনন্দিত হৈ পৰা পৰিলক্ষিত হয়।