অভিযন্তাৰ বিছনাৰ তলৰ পৰা ওলাল বৃহৎ পৰিমানৰ ধন

 06/10/2019 - 14:39

ডিজিটেল ডেস্কঃ বিহাৰৰ ৰাজধানী পাটনাত ১৪ লাখ টকা উৎকোচ লোৱাৰ সময়তে হাতে-লোটে ধৰা পৰিল পথ নিৰ্মাণ বিভাগৰ এগৰাকী কাৰ্যবাহী অভিযন্তা। ধৃত অভিযন্তাজনৰ নাম সুৰেশ প্ৰসাদ যাদৱ। অখিলেখ কুমাৰ জয়ছোৱাল নামৰ ঠিকাদাৰজনৰ পৰা উৎকোচ লোৱাৰ সময়তে গ্ৰেপ্তাৰ হয় অভিযন্তা সুৰেশ প্ৰসাদ যাদৱ।

টকাৰ ওপৰতে শুইছিল এইগৰাকী অভিযন্তাই, বিছনাৰ তলত ওলাল বান্দিলে বান্দিলে টকা। ইয়াৰ উপৰি তদন্তকাৰী দলে অভিযান চলাই অভিযন্তাজনৰ পেটেল নগৰস্থিত বাসগৃহৰ পৰা জব্দ কৰে ডেৰ কোটি টকা। তদন্তকাৰী বিষয়াই জনোৱা মতে বিহটাত পথ ৰ্নিমাণৰ বাবে প্ৰকাশ কৰা হৈছিল নিবিদা। নিবিদাৰ বাবে ঠিকাদাৰ অখিলেখ কুমাৰ জয়োছোৱালৰ কোম্পানীয়েও দাখিল কৰিছিল আবেদন।

নিবিদা প্ৰদানৰ নামত অভিযন্তা সুৰেশ প্ৰসাদ যাদৱে অখিলেখৰ পৰা বিচাৰিছিল ৩২ লাখ টকা। শেষত ২৮ লাখত মান্তি হৈছিল সুৰেশ প্ৰসাদ যাদৱ। ধৃত অভিযন্তাজনক সোধা- পোছা অব্যাহত ৰাখিছে তদন্তকাৰী দলে। তেওঁৰ ঘৰৰ পৰা নগদ ধনৰ লগতে জব্দ হৈছিল বহু পৰিমানৰ নথি-পত্ৰ।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।