06/10/2019 - 16:49
in
ডিজিটেল ডেস্কঃ প্ৰত্যেকটো দিনতে দেশত ব্যাপক হাৰত বৃদ্ধি পাইছে দুৰ্ঘটনা৷ আজি ৰাজ্যখনৰ ২ নং ৰাষ্ট্ৰীয় ঘাইপথত দুৰ্ঘটনাত পতিত হয় এখন যাত্ৰীবাহী বাছ। জানিব পৰা মতে এই ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয় ঝাৰখণ্ডত৷
ব্ৰেক ফেইল হৈ নিয়ন্ত্ৰণ হেৰুৱাই পথত দুৰ্ঘটনাত পতিত যাত্ৰীবাহী বাছখন। দুৰ্ঘটনাত থিতাতে নিহত ১১জন, আহত ২৫ জন বুলি জানিব পৰা গৈছে৷ স্থানীয় ৰাইজৰ সহযোগত উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে আৰক্ষীয়ে৷