বৰপেটাঃ ৰাষ্ট্ৰীয় পোষণ মাহ উপলক্ষে বৰপেটাত সমাজ কল্যাণ বিভাগৰ উদ্যোগত ব্যাপক সজাগতা সমদল আৰু সজাগতা সভা৷ সমাজ কল্যাণ বিভাগৰ লগতে জিলা প্ৰশাসনৰ কেবাগৰাকীও বিষয়াৰ অংশগ্ৰহণেৰে অনুষ্ঠিত সজাগতা সভাত ভাগ ললে আশা, অংগনবাডী কৰ্মী আৰু বহুসংখ্যক মহিলাই৷ উল্লেখ্য যে, প্ৰতি বছৰে ছেপ্টেম্বৰ মাহতো পোষণ মাহ হিচাপে পালন কৰা হয়। সেইমতে চলিত ছেপ্টেম্বৰ মাহতো পোষণ মাহ পালনৰ বাবে বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰিছে সমাজ কল্যাণ বিভাগে৷ ইয়াৰ বাবে বাবে পোষণ পঞ্চায়তবোৰ সক্ৰিয় কৰি জন আন্দোলনক জন অংশগ্ৰহনকাৰীলৈ ৰূপান্তৰ কৰাৰ বাবে ঠায়ে ঠায়ে ব্যাপক সজাগতামূলক কাৰ্যসূচী গ্ৰহণ কৰিছে সমাজ কল্যাণ বিভাগে৷ বিশেষকৈ শিশু, গৰ্ভৱতী মাতৃ আৰু প্ৰসূতিৰ পৰিপুষ্টি সম্পৰ্কে জন সজাগতা সৃষ্টিৰ লগতে জন আন্দোলন গঢ়ি তুলি, সকলো লোককে এই কাৰ্যসূচীৰ সৈতে জৰিত কৰি পোষণ অভিযান সফল কৰাৰ বাবে আজি সজাগতা সভাখনত সকলোলৈকে আহ্বান জনোৱা হয়৷ সজাগতা সভাখনত সাংস্কৃতিক কাৰ্যসূচীও প্ৰদৰ্শণ কৰা হয়৷