09/29/2022 - 13:27
in
বাহাৰঘাটঃ অচিৰে মহাবিদ্যালয়খনত সংযোজিত হ’ব বিজ্ঞান আৰু বানিজ্য শাখা৷ মহাবিদ্যালয় খনৰ অমঞ্জুৰিকৃত শিক্ষক কৰ্মচাৰী সকলৰ চাকৰিও অচিৰে নিয়মীয়া কৰণ হ’ব৷ এই মন্তব্য বিধায়িকা গৰাকীৰ৷ আজি সমষ্টিটোৰ অন্তৰ্গত পশ্চিম বড়িগোগ আঞ্চলিক মহাবিদ্যালয়ৰ নৱাগত আদৰণি সভাৰ পূৰ্বে উপস্থিত হৈ সাংবাদিকৰে হোৱা সাক্ষাৎকাৰত তেওঁ কয় যে পশ্চিম বড়িগোগ আঞ্চলিক মহাবিদ্যালয়ত বিজ্ঞান আৰু বানিজ্য শাখা সংযোজিত কৰাৰ বাবে চেষ্টা কৰিম আৰু নিশ্চয় ইয়াত সফল হম৷আনহাতে মহাবিদ্যালয়ৰ একাংশ অমঞ্জুৰিকৃত শিক্ষক কৰ্মচাৰীৰ চাকৰি সমূহো শিঘ্ৰে নিয়মীয়া হব বুলি সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত বিধায়িকা গৰাকীয়ে জানিবলৈ দিয়ে৷তেওঁ কয় আমি সকলোৱে মিলি মহাবিদ্যালয় খনৰ উন্নয়নৰ চেষ্টা অব্যাহত ৰাখিব লাগিব৷