09/29/2022 - 15:55
in
বজালীঃ মুখ্যমন্ত্ৰীৰ সৰুক্ষেত্ৰী ভ্ৰমণৰ প্ৰথমেই সৰ্থেবাৰীৰ পাঁচখেল গঞাগয়ৰহ শ্ৰীশ্ৰীজগন্নাথ মন্দিৰত মুখ্যমন্ত্ৰী গৰাকীয়ে উপস্থিত হৈ পূজা অৰ্চনা কৰাৰ পিছতে মন্দিৰৰ মণিকূট আৰু বাটচৰাৰ নির্মাণকাৰ্যৰ আধাৰশিলা স্থাপন কৰে। মুখ্যমন্ত্ৰী গৰাকীক ৰাইজে উষ্ম আদৰণি জনোৱা দেখা গ’ল সৰ্থেবাৰীত। জগন্নাথ মন্দিৰৰ প্ৰধান মণিকূট আৰু বাটচৰা নিৰ্মাণত চৰকাৰে সহায় আগবঢ়াব বুলি মন্তব্য কৰি মুখ্যমন্ত্ৰীয়ে সৰ্থেবাৰীৰ চিকিৎসালয়খন অতি সোনকালে উন্নত কৰাৰ বাবে শীঘ্ৰে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তক সৰ্থেবাৰীলৈ আহিবলৈ তেওঁ আহ্বান জনাব। আনহাতে সৰ্থেবাৰীৰ কাহ শিল্প আৰু কহাৰ সকলৰ উন্নয়নৰ বাবে চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিব। সৰ্থেবাৰীত অসম মালাৰ জৰিয়তে ৰাস্তা ঘাটৰ উন্নয়নৰ কাম চলি আছে আৰু কেবাটাও চৰকাৰী অফিচ স্থাপন কৰি সামগ্ৰিকভাৱে উন্নয়ন কৰাৰ ব্যৱস্থা কৰা হব বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে। ধুবুৰীৰ ফুলবাৰী নাওঁ দুৰ্ঘটনাত শোক প্ৰকাশ মুখ্যমন্ত্ৰী গৰাকীৰ। সৰ্থেবাৰীৰ জগন্নাথ মন্দিৰৰ পৰা পোনে পোনে মুখ্যমন্ত্ৰী গৰাকী ৰাওনা হয় কৃষ্ণগুৰু আশ্ৰম ন-সত্ৰলৈ।