10/01/2022 - 12:15
in
খাৰুপেটীয়াঃ আজি আনুষ্ঠানিকভাৱে পৰ্য্যটকৰ বাবে মুকলি কৰা হ'ল ওৰাং ৰাষ্ট্ৰীয় উদ্যান। উৰুলিৰে মুখৰিত হ’ল ওৰাং ৰাষ্ট্ৰীয় উদ্যান আৰু ওৰাং ব্যাঘ্র সংৰক্ষিত বনাঞ্চলৰ প্ৰৱেশদ্বাৰ৷ ভিন্ন জীৱ-জন্তুৰ বাবে ওৰাং উদ্যানখন আকৰ্ষণৰ কেন্দ্ৰ বিন্দু হৈ পৰিছে পৰ্যটকসকলৰ বাবে। ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ প্ৰৱেশদ্বাৰ মুকলি কৰিলে উদ্যান খনৰ ফ্ৰণ্টলাইন কৰ্মী ৰামুল বড়োয়ে। উল্লেখযোগ্য যে- বহু বছৰ ধৰি উদ্যান খনত সততাৰে দায়িত্ব পালন কৰা বাবে বড়োলৈ এই সন্মান যাচে উদ্যান কৰ্তৃপক্ষই। ইফালে RTI কৰ্মী দিলীপ নাথৰ অভিযোগ- ওৰাং ৰাষ্ট্ৰীয় উদ্যান খনক মাহী আইৰ চকুৰে চাইছে বৰ্তমানৰ চৰকাৰ খনে। কাজিৰঙাৰ তুলনাত ওৰাং ৰাষ্ট্ৰীয় উদ্যানক প্ৰচাৰ কৰাত কমকৈ গুৰুত্ব দিয়ে চৰকাৰে৷ যাৰ বাবে পৰ্যটকৰ সংখ্যা কমিছে ওৰাং ৰাষ্ট্ৰীয় উদ্যানত৷ আজি উদ্যান খন মুকলি হোৱাৰ পিছতেই উদ্যান খনৰ মনোমোহা দৃশ্য উপভোগ কৰিবলৈ ভীৰ কৰে পৰ্যটক সকলে৷পৰ্যটক সকলে ওৰাং উদ্যানখন পৰিদৰ্শন কৰি অভিভূত হৈ পৰে৷ পৰ্যটকসকলে হাতী,গড়ৰ লগতে বহুতো জীৱ-জন্তু প্ৰত্যক্ষ কৰে৷