10/01/2022 - 17:14
in
বাহাৰঘাটঃ নলবাৰী সমষ্টিৰ দেহাৰকুছি গাঁও পঞ্চায়তৰ অন্তৰ্গত পশ্চিম বড়িগোগ সাৰ্ব্বজনীন শ্ৰীশ্ৰী দুৰ্গাপূজা মণ্ডপ দেহাৰকুছি প্ৰাংগনত কেইবা লাখ টকা ব্যয় সাপক্ষত নিৰ্মাণ কৰা এটি আটকধুনীয়া সভাঘৰ আজি সাংসদ তথা বিজেপি ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক দিলীপ শইকীয়াই আনুষ্ঠানিক ভাবে উদ্বোধন কৰি ৰাইজৰ নামত উচৰ্গা কৰে৷সাংসদ গৰাকীৰ প্ৰয়াত পিতৃ প্ৰবীন চন্দ্ৰ শইকীয়া আৰু প্ৰয়াত মাতৃ পুস্পলতা শইকীয়াৰ পূণ্য স্মৃতিত সাংসদ গৰাকীৰ লগতে পৰিয়াল বৰ্গৰ সহযোগত সভাঘৰটো আটকধুনীয়াকৈ সজাই তুলিছিল৷আজি দিনৰ ভাগত সাংসদ গৰাকীয়ে তেওঁৰ পত্নী সহ উপস্থিত হৈ সভাঘৰটো উদ্বোধন কৰি কয় যে সচাকৈয়ে মই আজি গৌৰৱ অনুভৱ কৰিছোঁ৷ দুৰ্গাপূজা মণ্ডপ পৰিচালনা সমিতিৰ কাৰ্য্যকৰী সভাপতি শচীন্দ্ৰ শৰ্মাই আতধৰা উদ্বোধনী অনুষ্ঠানটোত মণ্ডপ পৰিচালনা সমিতিৰ সভাপতি নিৰঞ্জন চন্দ্ৰ ডেকা,সম্পাদক ড°খনীন্দ্ৰ শৰ্মা,পূজা পৰিচালনা সমিতিৰ সভাপতি ৰামপ্ৰষাদ শৰ্মা,সম্পাদক হিতেশ শৰ্মা আদিকৰি কেইবাজনো বিশিষ্ট লোক উপস্থিত থকাৰ উপৰিও যথেষ্ট সংখ্যক ধৰ্মপ্ৰাণ ৰাইজ উপস্থিত থাকে৷