10/02/2022 - 17:16
in
আজি ২অক্টোৱৰ অৰ্থাৎ অহিংসা পূজাৰী জাতিৰ পিতা মহামানৱ মহাত্মা গান্ধীৰ পবিত্ৰ ওপজা দিনত।শাৰদীয় দুৰ্গোৎসৱৰ মাজতে বাপুজিৰ ওপজা দিনত তেওঁক শ্ৰদ্ধাৰে সোঁৱৰন কৰিছে তেওঁৰ গুণমুগ্ধ সকলে।বিভিন্ন স্থানত থকা মহাত্মা গান্ধীৰ প্ৰতিমূত্তিত মাল্যপণ আৰু পুষ্প,বন্তিৰে স্মৰন কৰা হৈছে।দেশৰ বিভিন্ন প্ৰান্তৰ লগতে ৰাজ্যতো শাৰদীয় দুৰ্গোৎসৱৰ মাজতো মহামানৱ মহাত্মা গান্ধীৰ পবিত্ৰ ওপজা দিনত তেওঁলৈ শ্ৰদ্ধা নিবেদন কৰা দেখা গৈছে বিভিন্ন জনে।ইয়াৰ ভিতৰত অন্যতম গহপুৰৰ বালিজান স্থিত বালিজান সংগীত বিদ্যালয়।পুৱাই সংগীত বিদ্যালয়খনলৈ ছাত্ৰ-ছাত্ৰী সকল আহি জাতিৰ পিতাৰ প্ৰতিছৱিত পুষ্প অৰ্পন কৰি শ্ৰদ্ধা নিবেদন কৰাৰ লগতে গীত-নৃত্য,কবিতাৰে তেওঁ অৰ্পূৱ ৰাজিক সন্মান সহকাৰে সোঁৱৰন কৰে।