পাঠশালা প্ৰেছ ক্লাৱৰ উদ্যোগত 'ভ্ৰাম্যমাণৰ দিন' উদযাপন, গ্ৰন্থ উন্মোচন আৰু শিল্পীক সম্বৰ্ধনা

 10/02/2022 - 18:52
 
 
 
 
পাঠশালাঃ আজি অসম গৌৰৱ ভ্ৰাম্যমাণ থিয়েটাৰৰ ওপজা দিন। ভ্ৰাম্যমাণ থিয়েটাৰৰ জন্মস্থান পাঠশালাত পাঠশালা প্ৰেছ ক্লাৱৰ উদ্যোগত উদযাপন কৰা হল 'ভ্ৰাম্যমাণৰ দিন'। ১৯৬৩চনৰ ২ অক্টোবৰ অৰ্থাৎ আজিৰ দিনটোতেই মঞ্চ প্ৰভাকৰ অচ্যুত লহকৰে ভ্ৰাম্যমাণ থিয়েটাৰৰ জন্ম দিছিল। পাঠশালাৰ আজাদ ভৱনত অনুষ্ঠিত আজিৰ অনুষ্ঠানৰ আৰম্ভণিতে অচ্যুত লহকৰৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্জ্বলন আৰু পুষ্পঞ্জলিৰে উপস্থিত সকলো শিল্পী অতিথিয়ে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। কেইবাগৰাকী বিশিষ্ট ব্যক্তিয়ে ভ্ৰাম্যমাণ থিয়েটাৰৰ গৌৰবযাত্ৰাৰ ওপৰত সাৰুৱা ভাষণ প্ৰদান কৰাৰ লগতে অচ্যুত লহকৰৰ মহান কৰ্মৰাজিৰ ওপৰত এখন চুটি তথ্যচিত্ৰ দেখুওৱা হয়। এই ভ্ৰাম্যমাণৰ দিন উদযাপনত উপস্থিত থাকে কেবিনেট মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস। মন্ত্ৰীগৰাকীয়ে ভ্ৰাম্যমাণ থিয়েটাৰ আৰু অচ্যুত লহকৰৰ কৰ্মৰাজিৰ প্ৰচাৰ আৰু প্ৰসাৰৰ ক্ষেত্ৰত কাৰ্যসূচী আগন্তুক দিনত কেৱল পাঠশালাতে আবদ্ধ নাৰাখি অসমৰ বিভিন্ন স্থানত ভ্ৰাম্যমাণৰ দিন উদযাপন কৰাৰ পোষকতা কৰে। আনহাতে এই অনুষ্ঠানতে শিল্পী আমিনা দেৱানৰ 'স্বৰ্ণিল নটৰাজৰ বৰ্ণিল যাত্ৰা' নামৰ এখন গ্ৰন্থৰ উন্মোচন কৰে। ইয়াৰ পিছতেই ভ্ৰাম্যমাণ জগতৰ কেইবাগৰাকী ন-পুৰণি শিল্পীক সম্বৰ্ধনা জনোৱা হয়।
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।