10/04/2022 - 12:11
in
জামুগুৰিহাটঃ চতিয়া সমষ্টিৰ অন্তৰ্গত জামুগুৰিহাটৰ উত্তৰ অঞ্চলৰ ২ নং বাটমাৰীৰ ৩১ সংখ্যক সাৰ্বজনীন দুৰ্গা পূঁজাৰ মুল সাংস্কৃতিক সন্ধ্যাত কন কন শিশুৰ লগতে যুৱক-যুৱতীসকলে জাতীয় পৰম্পৰাগত নৃত্য প্ৰদৰ্শন কৰে। উক্ত সাংস্কৃতিক সন্ধ্যাত বিহু, নেপালী, আদিবাসী নৃত্যৰ লগতে বিভিন্ন জাতি-জনগোষ্ঠীয় নৃত্য প্ৰদৰ্শন কৰা দেখা যায়। ইয়াৰোপৰি উত্তৰ চাৰিপুখুৰি সাৰ্বজনীন দুৰ্গা পুঁজাৰ মুল সাংস্কৃতিক সন্ধ্যাৰ মঞ্চত গোৰ্খা সম্প্ৰদায়ৰ এক জাতীয় পৰম্পৰাগত সংগিনী নৃত্য মহিলাসকলে প্ৰদৰ্শন কৰি ৰাইজৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হয়।