ডুমডুমাত চাৰিদিনীয়া কাৰ্য্যসূচীৰে গুৰুজনাৰ ৫৭৪ সংখ্যক জন্মোৎসৱ উদযাপন

 10/05/2022 - 15:20
 
 
ডুমডুমাঃ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৪ সংখ্যাক আবিৰ্ভাৱ তিথি ডুমডুমা নামঘৰ সমিতিয়ে আজিৰে পৰা ইং ৫,৬,৭ আৰু ৮ অক্টোবৰ তাৰিখে চাৰিদিনীয়া বিস্তৃত কাৰ্য্যসূচীৰে উদযাপন কৰিবলৈ লৈছে| আজি পুৱা 4 বজাত উষা কীৰ্তনৰে কাৰ্য্যসূচী আৰম্ভ কৰা হয়| দিনৰ ১০:৩০ বজাত আই আৰু বাপুসকলৰ নাম-প্ৰসঙ্গ অনুষ্ঠিত হয়|
 
কাৰ্য্যসূচী মতে সন্ধিয়া ৬ বজাত ঘৰে ঘৰে বন্তি প্ৰজ্বলন কৰা হ’ব আৰু ৭ বজাত বৰগীত প্ৰতিযোগিতা অনুষ্ঠিত হ’ব| ইয়াৰোপৰি ৬ অক্টোবৰ তাৰিখে ভাগৱতসহ শোভাযাত্ৰা আৰু ভাওনা অনুষ্ঠিত হোৱাৰ লগতে দিহা নাম, সত্ৰীয়া নৃত্য আদিৰ প্ৰতিযোগিতা অনুষ্ঠিত হোৱাৰ কথা জানিবলৈ দিয়ে নামঘৰ সমিতিৰ উপসভাপতি মৃগেন শইকীয়াই|
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।