শিৱসাগৰ জিলাত ৰাইজৰ দলৰ যুৱ সংগঠন 'জাতীয় যুৱ বাহিনীৰ' প্ৰথমখন জিলা অভিৱৰ্তন

 10/16/2022 - 15:30
 
 
শিৱসাগৰঃ শিৱসাগৰ জিলাত ৰাইজৰ দলৰ যুৱ সংগঠন 'জাতীয় যুৱ বাহিনীৰ' প্ৰথমখন জিলা অভিৱৰ্তন। ঐতিহাসিক শিৱসাগৰ বৰপুখুৰীৰ পাৰত অৱস্থিত যুৱদলত অনুষ্ঠিত অধিবেশনকখন। অধিবেশনত উপস্থিত বিধায়ক তথা ৰাইজৰ দলৰ সভাপতি অখিল গগৈ, কেন্দ্ৰীয় সম্পাদক ধৈৰ্য্য কোঁৱৰ ,জাতীয় যুৱ বাহিনীৰ সভাপতি লক্ষ্যজিত কোঁৱৰৰ উপৰিও বহু কেইজন ৰাইজৰ দল তথা জাতীয় যুৱ বাহিনীৰ বিষয়ববীয়া উপস্থিত থাকে। অধিবেশনৰ মুকলি সভাত বিজেপি চৰকাৰক তীব্ৰ সমালোচনা। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাকো ক্ষুৰধাৰ সমালোচনা। ৰাষ্ট্ৰীয়তাবাদী দলসমূহে আঞ্চলিক সমস্যা সমূহক গুৰুত্ব প্ৰদান নকৰে বুলি ভাষণ প্ৰসংগত মন্তব্য কৰে ৰাইজৰ দলৰ কেন্দ্ৰীয় সম্পাদক ধৈৰ্য্য কোঁৱৰৰ। আপ কো সমালোচনা ৰাইজৰ দলৰ। কা আইন ,মাতৃ ভাষা প্ৰসংগই স্থান জাতীয় যুৱ বাহিনীৰ অভিৱৰ্তনত। বিধায়ক অখিল গগৈয়ে সংবাদ মাধ্যমক জানিবলৈ দিয়ে যে সমগ্ৰ ৰাজ্যখনত ৰাইজৰ দলক শক্তিশালী ৰূপত গঢ়ি তুলিবলৈ যুৱশক্তিক ৰাইজৰ দলৰ সৈতে সংপৃক্ত কৰাৰ বাবে দল টোৰ এক প্ৰচেষ্টা। যাৰবাবে জাতীয় যুৱ বাহিনীৰ শিৱসাগৰ জিলা সমিতিখন পোনপ্ৰথমবাৰৰ গঠন কৰা হব। শিৱসাগৰ জিলাৰ সমূহ সমষ্টিৰ পৰা ইতিমধ্যে প্ৰতিনিধিসকলক নিৰ্বাচিত কৰাৰ প্ৰক্ৰিয়া অব্যাহত আছে। শিৱসাগৰ জিলাৰ ৰাইজৰ দলৰ সভাপতি পদ্মকান্ত দাসে ২০২৬ চনৰ বিধানসভা নিৰ্বাচনত শিৱসাগৰ জিলাৰ আমগুৰি,নাজিৰা ,শিৱসাগৰ ,থাওৰা বিধানসভা সমষ্টিত ৰাইজৰ দলে শক্তিশালী ৰূপত আত্মপ্ৰকাশ কৰিব বুলি তেওঁৰ ভাষণত উল্লেখ কৰে। আনহাতে ৰাইজৰ দলৰ কেন্দ্ৰীয় সমিতিৰ উপসভাপতি  বেদান্ত লস্কৰে বিজেপি দলৰ ফেচিবাদী শাসনক উফৰাই ২০২৬ চনৰ বিধানসভা নিৰ্বাচনত অখিল গগৈ অসমৰ মুখ্যমন্ত্ৰী হব বুলি তেওঁৰ ভাষণত উল্লেখ কৰে। অভিৱৰ্তনত ৰাইজৰ দলত নতুনকৈ যোগদান কৰা যুৱক যুৱতীসকলক আদৰণি জনোৱা হয়।
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।