চতিয়া সমষ্টিৰ অন্তৰ্গত পূৱ নাগশংকৰ ৰাস মহোৎসৱৰ ৰূপালী জয়ন্তী বৰ্ষৰ লাইখুঁটা স্থাপন বিধায়ক পদ্ম হাজৰিকাৰ

 10/16/2022 - 19:38
 
 
 
জামুগুৰিহাটঃ চতিয়া সমষ্টিৰ অন্যতম ৰাস পূৱ নাগশংকৰ ৰাস মহোৎসৱ৷ এই বৰ্ষত ৰূপালী জয়ন্তী বৰ্ষ উদযাপন কৰিব পূৱ নাগশংকৰ ৰাস মহোৎসৱে৷ অহা ১১ , ১২ আৰু ১৩ নৱেম্বৰত পূৱ নাগশংকৰ কেন্দ্ৰীয় ৰাস মহোৎসৱ উদযাপনৰ বাবে আজি চেঙামাৰী খেলপথাৰত লাইখুঁটা স্থাপন কৰা হয়৷ লাইখুঁটা স্থাপনৰ অনুষ্ঠানত উপস্থিত থাকে বিধায়ক পদ্ম হাজৰিকা৷ বিধায়কে হাতেকামে লাইখুঁটা স্থাপনত সহযোগ কৰে ৰাইজক৷ লাইখুঁটা স্থাপন অনুষ্ঠানত এই ৰূপালী জয়ন্তী বৰ্ষ উলহ মালহেৰে উদযাপনৰ লগতে সংস্কৃতিৰ জয় আৰু দুস্কৃতিৰ পৰাজয় হোৱাটো নিশ্চিত বুলি মন্তব্য আগবঢ়াই বিধায়কগৰাকীয়ে৷ কিয়নো এটা সময়ত এই অঞ্চলসমুহত এক অশান্ত পৰিবেশে বিৰাজ কৰিছিল, য’ত আছিল এ কে 47 ৰ শব্দ৷ এতিয়া কিন্তু দুস্কৃতিৰ অৱসান ঘটি সংস্কৃতিৰ এক পৰিবেশ সৃষ্টি হৈছে৷ সংস্কৃতিৰ প্ৰতীক কৃষ্ণ আৰু দুস্কৃতিৰ প্ৰতীক শংখচূড়৷ সংস্কৃতিৰ প্ৰতীক কৃষ্ণ সংস্কৃতিৰে সমাজখনক আগুৱাই লৈ যোৱাৰ আহ্বান বিধায়ক পদ্ম হাজৰিকাৰ। 
 
 
 
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।