কমতাপুৰ প্ৰগ্ৰেছিভ পাৰ্টিৰ সংবাদ মেল

 10/21/2022 - 19:02
 
 
গৌৰীপুৰঃ ধুবুৰী জিলাত কাঠফুলাৰ দৰে গঢ়ি উঠিছে ইটা ভাটা। জিলাখনৰ বসতি প্ৰধান আৰু খেতি পথাৰত গঢ়ি উঠা ১৯৩খন ইটা ভাটাৰ ভিতৰত মাথোন ২৩টা ইটা ভাটাৰ পৰা চৰকাৰৰ বন বিভাগে ৰাজহ সংগ্ৰহ কৰি অহাৰ তথ্য সদৰী কৰে ধুবুৰী জিলা কমতাপুৰ প্ৰগ্ৰেছিভ পাৰ্টিয়ে। যাৰ বাবে ইটাভাটাৰ চৌদিশে বসতি প্ৰধান অঞ্চলৰ জলবায়ু প্ৰদূষিত হৈ বিভিন্ন ৰোগত আক্ৰান্ত হৈছে জিলাখনৰ বহু লোক। কাঠফুলাৰ দৰে গঢ়ি উঠা এনে ইটাভাটাৰ বিৰুদ্ধে জিলা কমতাপুৰ প্ৰগ্ৰেছিভ পাৰ্টীয়ে গৌৰীপুৰ চহৰৰ মুখ্য কাৰ্যালয়ত এখন সংবাদ মেল সম্বোধন কৰে। সংগঠনটোৰ জিলা সভাপতি নিখিল ৰায়ে ঘটনা সন্দৰ্ভত ধুবুৰী জিলা উপায়ুক্ত এখন অভিযোগ পত্ৰ দাখিল কৰিছে, যদিও উপায়ুক্ত গৰাকীয়ে কোনো পদক্ষেপ গ্ৰহণ কৰা নাই। ঘটনাটো সন্দৰ্ভত ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ দৃষ্টি গোচৰ কৰাব বিচাৰিছে ধুবুৰী জিলা কমতাপুৰ প্ৰগ্ৰেছিভ পাৰ্টিয়ে।
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।