10/22/2022 - 12:17
in
বিহালীঃ বিহালীৰ একমাত্র উচ্চ শিক্ষানুষ্ঠান বিহালী স্নাতক মহাবিদ্যালয়। বিহালী স্নাতক মহাবিদ্যালয়ত আজি নৱাগত আদৰণি সভা অনুষ্ঠিত হয়। এই উপলক্ষে পুৱা পতাকা উত্তোলন, শ্বহীদ তৰ্পণ, ন-পুৰণি ছাত্ৰ-ছাত্ৰীৰ অন্তৰংগ আলাপ অনুষ্ঠিত কৰাৰ পিছতেই মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত মুকলি সভা অনুষ্ঠিত হয়। সভাত বিশিষ্ট অতিথি হিচাপে ছয়দুৱাৰ মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ অঞ্জন কুমাৰ ওজাই অংশগ্ৰহণ কৰি সূৰ্য সম তৰুণ তৰুনী বুলি ছাত্ৰ ছাত্ৰী সকলক সম্বোধন কৰি কয় যে, "সূৰ্যৰ নিজা পোহৰ আছে নিজা শক্তি আছে আৰু সূৰ্যই নিজা শক্তি পোহৰৰে সমগ্ৰ সৌৰজগতক আলোকিত কৰি ৰাখে ঠিক তেনেদৰে ছাত্ৰ ছাত্ৰী সকলৰো শক্তি আছে পোহৰাব পৰা শক্তি আছে। নিজৰ চেষ্টাৰে নিজৰ শক্তিৰে নিজৰ ঘৰখন, মহাবিদ্যালয়খন, গাওঁখন সমাজখন ,দেশখন জিলিকাই তুলিব লাগিব। তাৰবাবে লাগিব মগজুৰ কৰ্ষণ। ছাত্ৰ-ছাত্ৰীসকলে নিজৰ শক্তিক উদ্ভাসিত কৰি এইখিনি সম্ভৱ কৰি তুলিব লাগিব" বুলি বক্তব্যত উল্লেখ কৰে। মহাবিদ্যালয়ৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ ড০ ৰমেন বৰাই পৰিচালনা কৰা সভাখনত মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে প্ৰস্তুত কৰা 'স্পন্দন' নামৰ প্ৰাচীৰ পত্ৰিকা খন মহাবিদ্যালয়ৰ পৰিচালনা সমিতিৰ সভাপতি ইন্দ্ৰেশ্বৰ কটকীয়ে উন্মোচন কৰি মহাবিদ্যালয়ৰ গৌৰৱৰ ইতিহাস সোঁৱৰণ কৰে। সভাত বিশিষ্ট অতিথিৰ আসন অলংকৃত কৰে স্থানীয় সমাজকৰ্মী শিক্ষাবিদ স্বৰাজ হাজৰিকা আৰু বিহালী কনিষ্ঠ মহাবিদ্যালয়ৰ অধ্যক্ষ পৰশু চেত্ৰীয়ে। সভাত মহাবিদ্যালয়ৰ ন-পুৰণি ছাত্ৰ ছাত্ৰী, শিক্ষক, কৰ্মচাৰী, অভিভাৱক সকলৰ ওপৰিও বিহালীৰ জ্যেষ্ঠ নাগৰিক সকল,পুৱ বিহালী আৰু পশ্চিম বিহালী আঞ্চলিক ছাত্ৰ সন্থা, আদিবাসী ছাত্ৰ সন্থা, চাহ জনজাতি ছাত্ৰ সন্থা, ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি আদি বিহালীৰ ছাত্ৰ সংগঠনৰ কৰ্মকৰ্তা সকল, স্থানীয় সাংবাদিক সকল, মহাবিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰী সকল উপস্থিত থাকে। সভাত ছাত্ৰ ছাত্ৰী সকলে বিভিন্ন জনগোষ্ঠীয় নৃত্য গীত পৰিৱেশন কৰাৰ লগতে মহাবিদ্যালয়ৰ গৌৰৱৰ ছাত্ৰী তথা অসমৰ ওপৰিও ভাৰতৰ বিভিন্ন ঠাইত নৃত্য পৰিবেশন কৰি সমাদৰ অৰ্জন কৰিবলৈ সক্ষম হোৱা নেহা বৰাই এটি নেপালী নৃত্য পৰিবেশন কৰি সভাৰ সৌষ্ঠৱ বৃদ্ধি কৰে।শেষত আমন্ত্ৰিত জামুগুৰিহাটতৰ উদীয়মান গায়ক জয়নুৰাগৰ সংগীতৰ অনুষ্ঠান অনুষ্ঠিত হয়। জয়নুৰাগৰ গীতত মহাবিদ্যালয়খনৰ হাজাৰ হাজাৰ ছাত্র-ছাত্রী কঁকাল ঘোৰাই নাছিলে মহাবিদ্যালয় প্ৰাংগনত।