দীপাৱলীৰ প্ৰাকক্ষণত বাক্সাৰ ফাতেমাবাদ চাহ-বাগিচাত অঘটন

 10/23/2022 - 13:33
 
 
শালবাৰীঃ ফাতেমাবাদ চাহ-বাগিচাৰ চাহ ফেক্টৰীৰ মেচিনত সোমাল এজন শ্ৰমিকৰ ভৰি। শ্ৰমিকজনৰ নাম চুলেমান কেৰকাটা৷ চাহ-বাগিচাৰ ফেক্টৰীৰ CTC মেচিনত বাগিচাখনৰ সুকদেউ লাইনৰ কৰ্মচাৰী চুলেমান কেৰকাটাই কাম কৰি থকা অৱস্থাত মেচিনত সোমাই যায় বাওঁভৰিখন। শ্ৰমিকজনৰ বাওঁভৰিৰ এটা অংশ ছিগি যোৱা বুলি জানিব পৰা গৈছে৷ সংকটজনক অৱস্থাত বৰপেটা মেডিকেললৈ প্ৰেৰণ শ্ৰমিক চুলেমান কেৰকাটাক।
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।