ৰঙিয়া জয়ন্তীপুৰ শ্ৰী শ্ৰী শ্মশান কালী মন্দিৰত তিনিদিনীয়াকৈ ১১২ তম শ্যামা পূজা

 10/24/2022 - 16:26
 
 
 
ৰঙিয়াঃ ৰঙিয়া জয়ন্তীপুৰ শ্ৰী শ্ৰী শ্মশান কালী মন্দিৰত তিনিদিনীয়াকৈ ১১২ তম শ্যামা পূজা। অগণন ভক্তপ্ৰাণ ৰাইজ উপস্থিত। মন বাঞ্চাৰ বাবে নিশা বলী হ’ব প্ৰায় দেৰ শতাধিক ছাগলী । ৰাজ্যৰ বিভিন্ন ঠাইৰ লগতে ৰঙিয়া জয়ন্তীপুৰ শ্ৰী শ্ৰী শ্মশান কালী মন্দিৰত তিনিদিনীয়া কাৰ্য্যসূচীৰে অনুষ্ঠিত হৈছে ১১২ তম শ্ৰী শ্যাম পূজা। সোমবাৰে প্ৰথম দিনৰ কাৰ্য্যসূচীত নাম কীৰ্তনৰে আৰম্ভ হোৱাৰ পিচতে দুৰ-দুৰণিৰ বহু ভক্তপ্ৰাণ ৰাইজ উপস্থিত হৈ নিজৰ মনোকামনাৰ বাবে পূজা-অৰ্চনা আৰম্ভ কৰে। পূজা-অৰ্চনাৰ লগতে নিশাৰ ভাগত অনুষ্ঠিত হ’ব বলী বিধান প্ৰথা। মন্দিৰ পৰিচালনা সমিতিয়ে জানিবলৈ দিয়ামতে শ্যম পূজাৰ তিনিটা দিনৰ কাৰ্য্যসূচীত অন্তত প্ৰত্যেক দিনাই নিশাৰ ভাগত আৰম্ভ হব বলী প্ৰথা। ধৰ্মপ্ৰাণ ৰাইজে নিজৰ মনবাঞ্চাৰ বাবে আগবঢ়োৱা হাহ, পাৰ'অ, ছাগলী আদি নিশাৰ ভাগত বলি দিয়া হব। মন্দিৰ সমিতিয়ে জানিবলৈ দিয়া মতে তিনিটা নিশাত প্ৰায় দেৰশৰো অধিক অকল চাগলী বলি দিয়া হব বুলি জানিব পৰা গৈছে।
 
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।