জামুগুৰিহাটত গোৰ্খা জনগোষ্ঠীৰ পৰম্পৰাগত উৎসৱ দেউছী-ভৈলী উদযাপন

 10/27/2022 - 12:16
 
 
 
 
জামুগুৰিহাটঃ অসমৰ গোৰ্খা জনগোষ্ঠীয় ৰাইজৰ অন্যতম জাতীয় উৎসৱ দেউছী-ভৈলী উৎসৱ ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ লগতে শোণিতপুৰ জিলাৰ জামুগুৰিহাটতো উদযাপন কৰে৷ এই উদ্দেশ্যৰে জামুগুৰিহাটৰ ৰঙাচকুৱা, মৰিসুতি, বালিজুৰি, বৰদিকৰাই, চাৰিপুখুৰি, টৌভঙা আদি অঞ্চলৰ গোৰ্খা বসতি প্ৰধান এলেকাত বুধবাৰে সমগ্ৰ নিশা দেউছী-ভৈলী নৃত্য পৰিৱেশনেৰে সমগ্ৰ অঞ্চল উৎসৱ মুখৰ পৰিৱেশ সৃষ্টি কৰে৷ গোৰ্খা জনগোষ্ঠীৰ সকলো শ্ৰেণীৰ ৰাইজে তেওঁলোকৰ এই পৰম্পৰাগত দেউছী-ভৈলী উৎসৱত অংশ গ্ৰহণ কৰি দেশবাসীৰ শান্তি কামনা কৰে গোৰ্খা ৰাইজে৷
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।