জামুগুৰিহাটৰ এৰাবাৰিত দুদিনীয়া কাৰ্য্যসূচীৰে অনুষ্ঠিত তিহাৰ সন্মিলন

 10/29/2022 - 17:54
 
 
জামুগুৰিহাটঃ শোণিতপুৰ জিলাৰ জামুগুৰিহাটৰ এৰাবাৰীত দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হয় গোৰ্খা সম্প্ৰদায়ৰ পৱিত্ৰ উৎসৱ তিহাৰ সন্মিলন৷ এৰাবাৰী গাঁও উন্নয়ন সমিতিৰ উদ্যোগত আয়োজিত তিহাৰ সন্মিলনৰ ৰঙা ফিটা কাটি শুভাৰম্ভ কৰে দক্ষিণ ছিলাবন্ধা গাঁও পঞ্চায়তৰ সভানেত্ৰী গংগা দেৱীয়ে। গোৰ্খা ৰাইজৰ অন্যতম জাতীয় উৎসৱ এই তিহাৰ সন্মিলনৰ শুভাৰম্ভ কৰি সভানেত্ৰী গংগা দেৱীয়ে কয়- নিজৰ জাতিৰ সাংস্কৃতিক পৰম্পৰাগত ৰীতি-নীতি, নৃত্য-গীতৰ কৰ্মশালাৰ আয়োজন কৰি নিজৰ জাতিৰ মান-মযৰ্দা জীয়াই ৰাখিব লাগিব৷ এই ক্ষেত্ৰত আমাৰ অভিভাৱকসকল সজাগ সচেতন হব লাগিব। দক্ষিণ ছিলাবন্ধা গাঁও পঞ্চায়তৰ সভানেত্ৰী গৰাকীৰ সৈতে অনুষ্ঠানটিত অংশগ্ৰহন কৰে বৰভগীয়া জিলা পৰিষদৰ সদস্যা পলি চুটিয়া বৰাই ।এই তিহাৰ সন্মিলনত অঞ্চলটোৰ বিভিন্ন জাতি জনগোষ্ঠীৰ ৰাইজে অংশগ্ৰহণ কৰাৰ লগতে বিস্তৃত কাৰ্যসূচীৰে দেউছী-ভৈলী নৃত্য প্ৰতিযোগিতাৰো আয়োজন কৰাৰ কথা জানিবলৈ দিছে সভাপতি গোপাল ছেত্ৰী আৰু সম্পাদক মাধৱ ছেত্ৰীয়ে । 
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।